কান্দি থকাৰ বাবেই শিশুক মাদক দ্ৰব্য খুৱাই দিলে মাতৃয়ে...

কান্দি থকাৰ বাবেই শিশুক মাদক দ্ৰব্য খুৱাই দিলে মাতৃয়ে...

author-image
Asomiya Pratidin
New Update
কান্দি থকাৰ বাবেই শিশুক মাদক দ্ৰব্য খুৱাই দিলে মাতৃয়ে...

ডিজিটেল ডেস্কঃ সকলোৰে জীৱনৰ প্ৰথম শিক্ষাগুৰুগৰাকীয়েই হৈছে মাতৃ। কোৱা হয় যে, ঈশ্বৰ সকলো সময়তে সকলোৰে সৈতে থাকিব নোৱাৰে বাবেই মাতৃৰ সৃষ্টি হৈছে। সমস্ত পৃথিৱী সলনি হ'লেও কেতিয়াও সলনি নহয় মাতৃৰ মমতা।

Advertisment

কিন্তু এইখন পৃথিৱীতে এনে কিছুমান মাতৃয়ো আছে যাৰ কৰ্ম-কাণ্ডই সকলোৰে চকু কপালত তুলিব। এনে এক অদ্ভূত ঘটনা সংঘটিত হৈছে আমেৰিকাৰ কেলিফৰ্নিয়া চহৰত।

কান্দি থকাৰ বাবেই এগৰাকী মাতৃয়ে নিজ সন্তানক মদ খুৱাই দিয়ে। লছ এঞ্জেলেচ টাইমচৰ এক প্ৰতিবেদন অনুসৰি কেলিফৰ্নিয়াৰ ছান্ড বাৰ্নাৰ্ডিনো কাউন্টিৰ ৩৭ বছৰীয়া মাতৃগৰাকীক শনিবাৰে ৰিয়াল্টত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

মাতৃগৰাকীয়ে শিশুটিক মদ্যপান কৰোৱোই উঠি চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছতেই পোহৰলৈ আহে এই ঘটনা। চিকিৎসালয়ত শিশুটিৰ দেহত সুৰাৰ উপস্থিতি ধৰা পৰাৰ পিছত আৰক্ষীয়ে পাষাণ মাতৃগৰাকীক গ্ৰেপ্তাৰ কৰে।

ছান বাৰ্নাৰ্ডিনো কাউন্টি শ্বেৰিফ বিভাগে জনোৱা মতে, মহিলাগৰাকীয়ে ৰিয়াল্ট’ৰ মাজেৰে গাড়ী চলাই গৈ থকা অৱস্থাত বাটৰ মাজত কেঁচুৱাটিক মদ্যপান কৰোৱাই কান্দোন বন্ধ কৰাৰ প্ৰয়াস কৰিছিল।

৬০ হাজাৰ ডলাৰৰ বণ্ডত বৰ্তমান ৱেষ্ট ভেলী ডিটেনচন চেণ্টাৰত ৰখা হৈছে ৩৭ বছৰীয়া মহিলাগৰাকী।অৱশ্যে শিশুটিৰ স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে বৰ্তমানলৈ কোনো খবৰ প্ৰকাশ কৰা হোৱা নাই।

Also Read: নলবাৰীত জ্যেষ্ঠ নাগৰিকৰ অধিৱেশন

police child abuse