/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/cccc.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা মহকুমাত চৰকাৰী শিক্ষানুষ্ঠানৰ পৰিচালনা সমিতি গঠনত বিধায়কৰ অবৈধ হস্তক্ষেপ আৰু ঢকুৱাখনা নগৰৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ ওপৰত চৰকাৰী উচ্ছেদ অভিযান সন্দৰ্ভত সোমবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰা হয় ঢকুৱাখনা ব্লক কংগ্ৰেছৰ উদ্যোগত।
ব্লক কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱন প্ৰাংগণত বিয়লি অনুষ্ঠিত সংবাদ মেলত অসম প্রদেশ কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক পদ্মলোচন দলে , ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি তৰুণ চেতিয়া , সাধাৰণ সম্পাদক ৰাকেশ পেগু , প্ৰশাসনিক সাধাৰণ সম্পাদক শৰৎ পাতিৰ , ব্লক যুৱ কংগ্ৰেছৰ সভাপতি অনুপ বৰুৱা , ব্লক য়ুথ বিগ্ৰেডৰ সভাপতি ৰমেন দাস আদি নেতৃবৰ্গ উপস্থিত থাকে ।
সংবাদ মেলত ঢকুৱাখনা মহকুমাৰ লগতে বিধানসভা সমষ্টিটোৰ বিভিন্ন চৰকাৰী উচ্চ মাধ্যমিক ,উচ্চতৰ মাধ্যমিক আৰু কনিষ্ঠ মহাবিদ্যালয় সমূহত পৰিচালনা ও উন্নয়ন সমিতি গঠন প্ৰক্ৰিয়াত শিক্ষা বিভাগৰ নীতি নিৰ্দেশনা উলংঘা কৰি ৰাজনৈতিক হস্তক্ষেপৰ চোকা সমালোচনা কৰে ।
প্ৰদেশ কংগ্ৰেছৰ সম্পাদক দলেয়ে নৱ দলে আৰু গেৰুৱা দলৰ নিকৃষ্ট ৰাজনীতিৰ প্ৰামানিক তথ্য ৰাজহুৱা কৰি কয় যে বাঁহপৰা হাইস্কুলৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপে ঢকুৱাখনা মণ্ডল বিজেপিৰ সম্পাদক দেবেন গগৈক , ভাটি মেদক কনেং হাইস্কুলৰ সভাপতি পদত বিজেপিৰ সক্ৰিয় সদস্য বসন্ত মেদক আৰু ৰাজু কমানক সভাপতি আৰু উপ সভাপতি , খেৰকটামুখ হাইস্কুলত ঢকুৱাখনা মণ্ডল বিজেপিৰ উপ সভাপতি বিজয় পেগুক সভাপতি , ঢকুৱাখনা টাউন হাইস্কুলত সভাপতি , পৌৰ সভাৰ ৩ নং ৱাৰ্ডৰ পৌৰ আয়ুক্ত তথা বিজেপি কৰ্মী বগেন কোঁৱৰক ,ডঃ আম্বেদকাৰ হাইস্কুলৰ সভাপতি, ঢকুৱাখনা মণ্ডল বিজেপিৰ সমন্বয়ক কবিন দাসক ,অৱনৰী কনিষ্ঠ মহাবিদ্যালয়ত ঘিলামৰা মণ্ডল বিজেপিৰ উপ সভাপতি তথা যুৱ মৰ্চাৰ সভাপতি ডম্বৰু কমান আদিক পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি আৰু উপ সভাপতি হিচাপে নিযুক্তি দিয়াৰ তথ্য দাঙি ধৰে ।
ঢকুৱাখনা বিধানসভা সমষ্টিটোৰ প্ৰায় ৯০ শতাংশ বিদ্যালয়ক গেৰুৱা কৰণৰ নিকৃষ্ট ৰাজনীতিৰ কৰাল গ্ৰাসত পেলাই পৰিচালনা সমিতি গঠন কৰা কাৰ্যক ধিক্কাৰ দিয়ে পদ্মলোচন দলেয়ে । তেওঁ শিক্ষা আৰু শিক্ষানুষ্ঠানত এনে অশুভ ৰাজনৈতিক পৰম্পৰা আৰম্ভ কৰি নিগম নিকায়ৰ অধ্যক্ষ উপাধ্যক্ষ নিযুক্তি দিয়াৰ দৰে অব্যাহত ৰখা অবৈধ কাৰ্যৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ,শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুলৈ মহকুমা প্ৰশাসনৰ জৰিয়তে দাবী পত্ৰ প্ৰেৰণ কৰা বুলি জনালে ।
ব্লক কংগ্ৰেছৰ সভাপতি তৰুণ চেতিয়াই ঢকুৱাখনা নগৰত পথৰ দাঁতিত ক্ষুদ্ৰ ক্ষুদ্ৰ দোকান দি স্ব নিয়োজনৰ পথত অগ্ৰসৰ হোৱা ব্যৱসায়ী সকলক প্ৰশাসনে উচ্ছেদ কৰা কাৰ্যৰ পৰৱৰ্তী সময়ত তেনেবোৰ উচ্ছেদিত নিবনুৱা সকলক সংস্থাপিত কৰাৰ লগতে যথোচিত ক্ষতিপূৰণ দিয়াৰ বাবে প্ৰশাসনক দাবী জনায়।
তাৰোপৰি মহকুমাটোৰ পূব ঢকুৱাখনা, পশ্চিম ঢকুৱাখনা,দেউলিয়া আদি পঞ্চায়তৰ উজনি গড়পৰা ,
অভয়াপুৰ , লাচন , দক্ষিণ চাপৰি ,মহঘুলি চাপৰি , চেতিয়া গাঁও ,সুঁতি মুখ ,ভোৰতাল চুক, মৌখুৱা , লেচেৰা , বলাহী , আখৈফুটীয়া পাৰঘাট আদি অঞ্চলত অব্যাহত থকা ভয়াবহ গৰাখহনীয়া স্থায়ী প্ৰতিৰোধৰ বাবে বিজ্ঞানসন্মত আঁচনি গ্ৰহণৰ দাবী জনায় ৰাজ্য চৰকাৰক ।
আৰু পঢ়ক: শিক্ষাবিদ, সমাজসেৱক বলেন্দ্ৰ নাথ শৰ্মাৰ ২৫ সংখ্যক স্মৃতিচাৰণ অনুষ্ঠান