শিক্ষাবিদ, সমাজসেৱক বলেন্দ্ৰ নাথ শৰ্মাৰ ২৫ সংখ্যক স্মৃতিচাৰণ অনুষ্ঠান

শিক্ষাবিদ, সমাজসেৱক বলেন্দ্ৰ নাথ শৰ্মাৰ ২৫ সংখ্যক স্মৃতিচাৰণ অনুষ্ঠান

ডিজিটেল সংবাদ,নগাঁও: ৰাষ্ট্ৰীয় বঁটা প্ৰাপক বিশিষ্ট শিক্ষাবিদ, সমাজসেৱক বলেন্দ্ৰ নাথ শৰ্মাৰ সোমবাৰে ২৫ সংখ্যক মৃত্যু বাৰ্ষিকী ৷ বিশিষ্ট কৃৰ্তি শিক্ষক বলেন্দ্ৰ নাথ শৰ্মাৰ মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি নগাঁও সাংস্কৃতিক প্ৰকল্পত এক স্মৃতিচাৰন সভা অনুষ্ঠিত হয় ৷

সাংবাদিক জিতেন বৰকটকীয়ে আত ধৰা অনুষ্ঠানটি নিৰু দেৱীৰ বন্তি প্ৰজলনৰে শুভাৰম্ভ হয় ৷ বৰগীত পৰিবেশনৰ পিছতে স্মৃতিচাৰন অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তি সকলক সম্বৰ্দ্ধনা জনায় বিধায়ক ৰূপক শৰ্মা, নবনিতা শৰ্মাৰ লগতে পৰিয়ালৰ লোকে ৷

অনুষ্ঠানত উপস্থিত ব্যক্তি সকলৰ ভিতৰত আছে সাহিত্য অকাডেমী বঁটা বিজয়ী অপূৰ্ব শৰ্মা , গবেষক, সাহিত্যিক ড° নৰেন কলিতা , সাহিত্যিক উপেন্দ্ৰ নাথ বৰকটকী, গল্পকাৰ- সাংবাদিক মনোজ কুমাৰ গোস্বামী , অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত , বিশিষ্ট সাংবাদিক নৰেশ কলিতা , নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰান কুমাৰ বৰুৱা আদি উপস্হিত থাকে ৷ প্ৰয়াত বলেন্দ্ৰ নাথ শৰ্মাৰ পুত্ৰ বিধায়ক ৰূপক শৰ্মাই স্মৃতি চাৰন সভাখনিৰ আদৰণি বক্তব্য আগবঢ়াই ৷

অনুষ্ঠানত গবেষক, সাহিত্যিক ড° নৰেন কলিতাই কয় যে বলেন্দ্ৰ নাথ শৰ্মা নগাঁৱৰ এজন ভাল,গুনী ব্যক্তি আছিল ৷ তেখেত এজন উচ্চখাপৰ শিক্ষাবিদে নহয় নগাঁৱৰ সমাজজীৱনৰ পৰা আদৰ্শ ব্যক্তি আছিল ৷ অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই বক্তব্য আগবঢ়াই কয় যে কৰ্তব্যপৰায়ন ব্যক্তি আছিল প্ৰয়াত বলেন্দ্ৰ নাথ শৰ্মা ৷ কঠোৰ অনুশাসন মানি চলা ব্যক্তি আছিল ৷ সমাজৰ হিতৰ বাবে নিৰবে কাম কৰা ব্যক্তি আছিল বলেন্দ্ৰ নাথ শৰ্মা ৷ শৰ্মাৰ শিপা গভীৰ আছিল ৷

অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট সাংবাদিক নৰেশ কলিতাই কয় যে মধ্য অসমত পঢ়ুৱৈ সৃষ্টিত গুৰুত্ব দিয়া বলেন্দ্ৰ নাথ শৰ্মাই বৌদ্ধিক বিকাশৰ বাবে আগবঢ়োৱা অৱদান অনস্বীকাৰ্য ৷ সমাজিক ভাবে দায়বদ্ধ ব্যক্তি আছিল প্ৰয়াত শৰ্মা ৷ বিশিষ্ট গল্পকাৰ সাংবাদিকমনোজ কুমাৰ গোস্বামীয়ে কয় যে বলেন্দ্ৰ নাথ শৰ্মা আৰু ৰূমী-ৰূপক ৰাজ্যৰ বাবে চিনাকি৷ প্ৰয়াত শৰ্মা কৃৰ্তি শিক্ষকৰ লগতে সমাজ আৰু সাহিত্যৰ বাবে কাম কৰিছিল ৷

অনুষ্ঠানটিত বলেন্দ্ৰ নাথ শৰ্মা -জীৱন আৰু কৰ্ম শীৰ্ষক গ্ৰন্হখনি উন্মোচন কৰে সাহিত্য অকাডেমী বঁটা প্ৰাপক গল্পকাৰ অপূৰ্ব শৰ্মাই ৷ গ্ৰন্হখনি সম্পাদনা কৰিছে বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ নাথ বৰকটকীয়ে ৷ গ্ৰন্হখনি উন্মোচন কৰি গল্পকাৰ চলচিত্ৰ সমালোচক অপূৰ্ব শৰ্মাই কয় যে নিজৰ মতত অটল ব্যক্তি আছিল বলেন্দ্ৰ নাথ শৰ্মা ৷ শৈক্ষিক উত্তৰনৰ বাবে কাম কৰা শৰ্মাৰ বৃত্তিগত সাধনা আছিল ৷ পাঠক-পঢ়ুৱৈ সৃষ্ট কৰাত বিশেষ অৰিহনা আগবঢ়াইছিল ৷ অভাবনীয় কৰ্মনিষ্ঠা সম্পন্ন শৰ্মা দায়িত্ব সচেতন ব্যক্তি আছিল ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in