'অসমীয়া প্ৰতিদিন'ৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকাক অসম সাহিত্য সভাৰ 'অৰুণোদয় বঁটা' প্ৰদান...

'অসমীয়া প্ৰতিদিন'ৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকাক অসম সাহিত্য সভাৰ 'অৰুণোদয় বঁটা' প্ৰদান...
'অসমীয়া প্ৰতিদিন'ৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকাক অসম সাহিত্য সভাৰ 'অৰুণোদয় বঁটা' প্ৰদান...

ডিজিটেল ডেস্কঃ নৱবৰ্ষৰ প্ৰথমটো দিনতে অসমীয়া প্ৰতিদিনৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকাক প্ৰদান কৰা হ'ল অসম সাহিত্য সভাই প্ৰথমবাৰৰ বাবে প্ৰদান কৰা 'অৰুণোদয়' সন্মান। অসম সাহিত্য সভাই ধুবুৰী জিলা সাহিত্য় সভাৰ উদ্যোগত বিলাসীপাৰাৰ ৰাজবাৰীস্থিত আৰ্ট-অফ-লিভিং (আঠআনী)বগৰীবাৰীত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা 'অৰুণোদয় দিৱস আৰু জননেতা শৰৎ চন্দ্ৰ সিংহৰ স্মৃতি দিৱস'ৰ কাৰ্যসূচীত হাজৰিকাক এই বঁটা প্ৰদান কৰে।

অসম সাহিত্য সভাৰ সভাপতি তথা পদ্মশ্ৰী ড০ সূৰ্য কান্ত হাজৰিকাৰ পৰা এই বঁটা গ্ৰহণ কৰি অসমীয়া প্ৰতিদিনিৰ কাৰ্যবাহী সম্পাদকগৰাকীয়ে কয়, হেমচন্দ্ৰ বৰুৱা ডাঙৰীয়াৰ আদৰ্শৰে উজ্জীৱিত অসমীয়া প্ৰতিদিনত সম্পাদক, স্বত্বাধিকাৰ জয়ন্ত বৰুৱাৰ নেতৃত্বত আমি সকলোৱে একেলগে কাম কৰোঁ। মই আজি এই বঁটা অসমীয়া প্ৰতিদিন গোষ্ঠীৰ সম্পাদক, সাংবাদিক, প্ৰতিজন কৰ্মীৰ সমূহীয়া স্বীকৃতি বুলি গ্ৰহণ কৰিছোঁ। অসম সাহিত্য সভাই আজি যি কাৰ্যসূচী গ্ৰহণ কৰিলে, মই ভাবোঁ এনেধৰণৰ কাৰ্যসূচীয়ে মফচলীয়া সাংবাদিকসকলকো যথেষ্ট উৎফুল্লিত আৰু উৎসাহিত কৰিব।

আনহাতে জননেতা শৰৎ চন্দ্ৰ সিংহক অসম সাহিত্য সভাই স্মৰণ কৰা প্ৰসংগত সাংবাদিকৰ আগত বঁটা প্ৰাপক হাজৰিকাই কয়, শৰৎ সিংহ ডাঙৰীয়াকো সভাই স্মৰণ কৰিছে। আজিৰ ভোগবাদী সমাজখনত ক্ষয়িষ্ণু সমাজ ব্যৱস্থাত শৰৎ সিংহ ডঙৰীয়াৰ দৰে এগৰাকী মূল্যবোধ সম্পন্ন ৰাজনীতিৰবিদক স্মৰণ কৰাটো অত্যন্ত প্ৰেৰণাদায়ক।

অসম সাহিত্য সভাৰ এই কেন্দ্ৰীয় অনুষ্ঠানত সভাৰ সভাপতি ড০ সূৰ্য কান্ত হাজৰিকাৰ লগতে প্ৰধান সম্পাদক ড০ উপেন্দ্ৰজিৎ শৰ্মাকে ধৰি কেন্দ্ৰীয় নেতৃত্ব আৰু ধুবুৰী জিলা সাহিত্য সভাৰ বিষয়ববীয়া, বহু সংখ্যক স্থানীয় সাহিত্যনুৰাগী উপস্থিত থাকে। অনুষ্ঠানত স্থানীয় শিল্পীসকলে বিভিন্ন জাতি, জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শনো কৰে।

উল্লেখ্য যে, ধৈৰ্য হাজৰিকাৰ প্ৰদান কৰা অৰুণোদয় বঁটাৰ লগত আছে ফুলাম গামোচা, জাপি, চেলেং, মানপত্ৰ, স্মাৰক, গ্ৰন্থৰ টোপোলা আদি।

'অসমীয়া প্ৰতিদিন'ৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকাক অসম সাহিত্য সভাৰ 'অৰুণোদয় বঁটা' প্ৰদান...
পৰেশ বৰুৱাৰ সৈতে কথা পাতি থাকো, কোনোবা এদিন তেওঁ নিশ্চয় আহিবঃ মুখ্যমন্ত্ৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in