ডিমৌ নদীত উদ্ধাৰ যুৱকৰ মৃতদেহ

ডিমৌ নদীত উদ্ধাৰ যুৱকৰ মৃতদেহ

author-image
Asomiya Pratidin
New Update
ডিমৌ নদীত উদ্ধাৰ যুৱকৰ মৃতদেহ

ডিজিটেল সংবাদ, চিলাপথাৰ : ডিমৌ নদীত অঘটন। ডিমৌ নদীত গা ধুবলৈ গৈ সলিল সমাধি ঘটা বিজয় চেত্ৰী মৃতদেহ শনিবাৰে উদ্ধাৰ কৰা হয়। দুদিন অভিযানৰ পিছত ৰাইজৰ সহযোগত আৰক্ষী বাহিনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যুৱকজনৰ মৃতদেহ।

Advertisment

উল্লেখ্য যে শুকুৰবাৰৰ বিয়লি চিলাপথাৰ ফুলবাৰীৰ বিজয় চেত্ৰীয়ে (২৪) দুজনমান লগৰীয়াৰ সৈতে ডিমৌ নদীৰ অৰুণাচল প্ৰদেশ অংশত গা ধুবলৈ গৈছিল। পিছে অকস্মাত নদীৰ দ অংশত আৱদ্ধ হৈ জলসমাধি ঘটে যুৱকজনৰ।

শুকুৰবাৰে নিশা পৰ্যন্ত বহু বিচাৰ-খোচাৰ কৰাৰ পিছতো উদ্ধাৰ নহ'ল নিখোজ যুৱক জনৰ মৃতদেহ। আজি ৰাইজৰ সহযোগত অসম আৰু অৰুণাচল প্ৰদেশৰ আৰক্ষীৰ জোৱানসকলে বহু কষ্টৰ মুৰকত উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল যুৱকজনৰ পাৰ্থিৱ শৰীৰ।

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ মালিনীপুৰ আঞ্চলিকৰ এজন সক্ৰিয় সদস্য যুৱকজনৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে সংগঠনটোৰ ধেমাজি জিলা সামিতিয়ে। অমায়িক তথা উদীয়মান যুৱকজনৰ দুখীয়া পৰিয়ালটোক কিছু চৰকাৰী অৰ্থসাহাৰ্য প্ৰদান কৰিবলৈ সংগঠনটোৱে দুয়োখন ৰাজ্যৰ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে।

Also Read: বাচকান্দিত ১৫.৫ কোটিৰ নিচাযুক্ত দ্ৰব্য জব্দ : দুজনক আটক

Dimau river silapathar