ধেমাজি যুৱ কংগ্ৰেছৰ উদ্যোগত য়ুথ জোড়ো যাত্ৰা

ধেমাজি যুৱ কংগ্ৰেছৰ উদ্যোগত য়ুথ জোড়ো যাত্ৰা

author-image
Asomiya Pratidin
New Update
ধেমাজি যুৱ কংগ্ৰেছৰ উদ্যোগত য়ুথ জোড়ো যাত্ৰা

ডিজিটেল সংবাদ,ধেমাজি : এসময়ত কংগ্ৰেছ দলৰ অভেদ্য দুৰ্গস্বৰূপ ধেমাজিত পুনৰ যেন শক্তিশালী ৰূপত সংগঠিত হৈ সক্ৰিয় হৈ উঠিছে কংগ্ৰেছ দল ৷ যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি জুবেইৰ আনম মজুমদাৰ উপস্থিত থকা য়ুথ জোড়ো যাত্ৰাত শনিবাৰে ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা সহস্ৰাধিক যুৱ কংগ্ৰেছীয়ে অংশ গ্ৰহণ কৰে ৷

Advertisment

শাসনত নেথাকিলেও ব্যাপক সংখ্যক লোকৰ উপস্থিতিয়ে অনাগত দিনত ধেমাজিত কংগ্ৰেছ দলৰ ভেটি এতিয়াও শক্তিশালী হৈ থকাৰ প্ৰমাণ দিয়ে বুলি মন্তব্য কৰে যুৱ কংগ্ৰছৰ সভাপতিগৰাকীয়ে। আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ আটাইকেইখন আসন সন্মিলিত বিৰোধীয়ে দখল কৰিব মন্তব্য কৰে।

কাৰ্য্যসূচীৰ অন্তত জিলা কংগ্ৰেছৰ কাৰ্য্যালয় ইন্দিৰা ভৱনত এখনি সভা অনুষ্ঠিত কৰে ৷ সভাত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতিকে প্ৰমুখ্যে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভাপতি ডেভিদ ফুকন,অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ভাস্কৰ দুৱৰা,অসম প্ৰদেশ কংগ্ৰেছৰ অ বি চি চেলৰ সভাপতি তথা অধিবক্তা যুগল বুঢ়াগোহাঁই,ধেমাজি জিলা যুৱ কংগ্ৰেছৰ সভাপতি কৃষ্ণ কুলি,ধেমাজি জিলা কংগ্ৰেছৰ সভাপতি মহেন্দ্ৰ বৰগোহাঁইকে ধৰি জিলা আৰু প্ৰদেশ কংগ্ৰেছৰ বহু কেইগৰাকী বিষয়ববীয়াই উপস্থিত থাকি বিজেপি চৰকাৰৰ অপশাসনৰ বিৰুদ্ধে ক্ষুৰধাৰ সমালোচনা কৰে ৷

Also Read: কোলাপথাৰ নামঘৰৰ গৃহ নিৰ্মাণৰ লাইখুঁটা
স্থাপন

Youth Jodo Yatra Assam Pradesh Youth Congress Assam Pradesh Congress Commitee