/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/eeeacea5-419c-4e02-85aa-55552f0d1ed2/89.jpg)
ডিজিটেল সংবাদ,ধেমাজিঃ ধেমাজি নগৰৰ ৬ নং ৱাৰ্ডৰ কোলাপথাৰ নামঘৰৰ আনুষ্ঠানিকভাৱে কোলাপথাৰবাসী ৰাইজে শুকুবাৰে গৃহ নিৰ্মাণৰ লাইখুঁটা স্থাপন কৰে ৷ এই উপলক্ষে ৰাইজে গায়ন-বায়ন আৰু মাঙ্গলিক পৰম্পৰাৰে আশীৰ্বাদলৈ নামঘৰীয়াৰ লগতে বয়বৃদ্ধ আৰু আইসকলে মঙ্গল কামনা কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/301458af-bddc-480e-b19a-e0364fd0a4b6/a0d95236_a8eb_48d5_aed7_6e4581260f7f.jpg)
উল্লেখ্য যে ১৯৫১ চনতেই স্থাপিত হোৱা কোলাপথাৰ নামঘৰটোৰ গৃহ নিৰ্মানৰ বাবে কোনো এখন চৰকাৰ তথা মন্ত্ৰী বিধায়কে এতিয়ালৈকে সাহাৰ্য দিয়া নাছিল ৷ চলিত বৰ্ষতেই ধেমাজি জিলা প্ৰশাসনৰ জৰিয়তে আগবঢ়োৱা ২ লাখ ৫০ হেজাৰ টকা সাহাৰ্য পুঁজিৰ লগতে বাকীখিনি গাওঁখনৰ ৰাইজৰ দান-বৰঙণিৰ কিছু ধন সংগ্ৰহ কৰি নামঘৰটোৰ গৃহ নিৰ্মানৰ কাম প্ৰস্তুতি চলোৱা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/88f3c625-e7d3-4177-a0e9-f8ec354c74fc/50bdd79e_9b51_4f59_a63f_be0f2aa96b39.jpg)
ইফালে অনুষ্ঠানত উপস্থিত থকা ভালেকেইজন বিশিষ্ট ব্যক্তিক ফুলাম গামোচাৰে সম্বধৰ্না জনোৱা হয় ৷