ধেমাজিত বিশ্ব হাস্য দিৱস উদযাপন...

ধেমাজিত বিশ্ব হাস্য দিৱস উদযাপন...

ডিজিটেল সংবাদ, ধেমাজিঃ সমগ্ৰ বিশ্বৰ লগতে ধেমাজি জিলাতো দেওবাৰে বিশ্ব হাস্য দিৱসটি উদযাপন কৰা হয় ৷ বিবেকানন্দ যোগাসন আৰু হাস্য কেন্দ্ৰৰ উদ্যোগত ধেমাজি সাহিত্য ভৱনত পুৱা ৮ বজাত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ বন্তি প্ৰজ্বলনেৰে কাৰ্য্যসূচী শুভাৰম্ভণি কৰে বাটঘৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়ত্ৰী ৰূপালী ডেকা গোহাঁইয়ে ৷

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে কেন্দ্ৰৰ সহ সংযোজক মিনু লাহনে ৷ উদ্দেশ্য ব্যাখ্যাত বিবেকানন্দ যোগাসন আৰু হাস্য কেন্দ্ৰৰ সদস্যসকলে বিগত কেইবা বছৰো ধৰি যোগাভ্যাসৰ লগতে হাঁহি থেৰাপিও কৰি আহিছে ৷ এই বিশ্ব হাস্য দিৱসটি ধেমাজিত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে বুলিও উল্লেখ কৰে৷

কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সংযোজক বন্দনা দত্ত হাজৰিকাই আঁত ধৰা অনুষ্ঠানটিত হাঁহি উপকাৰিতা বিষয়ে ভাষণ দিয়াৰ লগতে হাঁহিৰ খোৰাক যোগায় ড° পুৰবী দুৱৰা , মৃদলা ফুকন আৰু ব্যংগ সাহিত্যিক বিমল ৰাজখোৱা, ধেমাজি জিলা সাংবাদিক সংস্থাৰ সম্পাদক জীৱন কোঁৱৰ আৰু ধেমাজি সাহিত্য সভাৰ সভাপতি লক্ষী বৰগোঁহাইয়ে ৷

সভাত যোগাভ্যাস কেন্দ্ৰৰ সদস্যা অমীয়া দিহিঙীয়া ,প্ৰণিতা দিহিঙীয়া ,অনলতা চুতীয়া , ৰূপালী দিহিঙীয়া,কনকলতা গোহাঁই , ৰঞ্জু ঘৰফলীয়া ,বিনু ৰাজখোৱা ,নমিতা গগৈ ,ৰঞ্জিতা গগৈ আৰু নিৰু গোহাঁইয়ে উপস্থিত থাকে ৷ সভাত উপস্থিত ৰাইজে হাতে-হাতে, বেনাৰ ,পোষ্টাৰ ,প্লে'কাৰ্ড লৈ হাঁহি হাঁহি জীয়াই থাকক ,স্বাস্থ্য ৰক্ষাৰ অন্যতম উৎসৱ হাঁহি, হাঁহিৰে দিনটো আৰম্ভ কৰক ইত্যাদি শ্লো'গানেৰে ধেমাজি নগৰখনত শোভাযাত্ৰা উলিয়াই৷ আৰ্কষণীয় শোভাযাত্ৰাটি উন্মোচন কৰে লোকশ্ৰী বটাঁ প্ৰাপক বিমলা গগৈ গোঁহাইয়ে ৷

ধেমাজিত বিশ্ব হাস্য দিৱস উদযাপন...
নমাটি গাঁও ২ নং নামঘৰত "ৰামবিজয়" অংকীয়া ভাওনা মঞ্চস্থ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in