/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/9a86a89e-4680-49e3-b8d6-5b543f4d9bad/dhemaji.jpg)
বিশ্ব পৰিৱেশ দিৱস পালন
ডিজিটেল সংবাদ ,ধেমাজিঃ আজি ৫ জুন বিশ্ব পৰিৱেশ দিৱস ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজিতো "প্লাষ্টিক বৰ্জন কৰো আৰু পৃথিৱী গঢ়ো" এই শ্ল'গানেৰে সমগ্ৰ ৰাজ্যৰ লগতে বিশ্ব পৰিৱেশ দিৱসটি পালন কৰা হয় ৷ পুৱা ৭.৩০ বজাত ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত আৰু ধেমাজি পৌৰসভাৰ সহযোগত ধেমাজি জিলা কাছাৰী ময়দানত গছপুলি ৰুই পৰিৱেশ দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ১৪ নং লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/540118b0-254f-4caa-b278-9d70001f6a7f/4f4ef6f9_87fa_4e97_9e87_bf184165e315.jpg)
একেদৰে পুৱা ৮ বজাত ধেমাজি নগৰ প্ৰাথমিক বিদ্যালয়ৰ চৌহদত থকা এৰাঢল কলনি বি অংগনবাদী কেন্দ্ৰতো ধেমাজি জিলা উপায়ুক্ত অংকুৰ ভৰালীয়ে অংগনবাদী কেন্দ্ৰটোত এটি শিশু কোলাত লৈ গছপুলি ৰোপণ কৰি কেন্দ্ৰটিৰ কাৰ্য্যসূচী শুভাৰম্ভনী কৰে ৷ ইয়াৰ পিছতে উপায়ুক্তগৰাকীয়ে বিদ্যালয়খনৰ পৰিৱেশ পৰ্য্যবেক্ষন কৰি কন কন ছাত্ৰ -ছাত্ৰী সকলৰ মাজত চকলেট বিতৰণ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/89ff00d8-b93f-4636-868e-547c4d7067f6/09568ed8_4c2b_4ec5_bc48_323b43f9e84f.jpg)
Also Read: তাচপাতৰ দৰে খহি পৰিল ১৭০০ কোটি টকীয়া দলং, সন্ধানহীন গাৰ্ড...