/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/d7256eba-fc00-41a8-9228-d0942206a0ca/a1111.jpg)
ডিজিটেল সংবাদ,ধেমাজি : দেশৰ অন্যান্য ঠাইৰ লগতে ধেমাজি জিলাতো পালন কৰা হৈছে বিশ্ব ৰক্তদাতা দিৱস। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সেৱাবাহিনী দ্বাৰা পৰিচালিত ৰক্তদান কোষৰ উদ্যোগত আৰু ধেমাজি জিলা শাখাৰ সহযোগত ধেমাজি যুটীয়া সেৱা স্বাস্থ্য সঞ্চালকৰ কাৰ্য্যালয়ৰ সভাকক্ষত বুধবাৰে বিশ্ব ৰক্তদাতা দিৱস উদযাপন কৰা লগতে এটি ৰক্তদান শিবিৰও অনুষ্ঠিত কৰা হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/e244f7ee-5866-4248-b197-8061e45cc470/717ec02b_fd76_44bb_9709_1be397b7e01c.jpg)
এই উপলক্ষে পুৱা পৰিবেশ নিকাকৰণ,নাম-প্ৰসংগৰ পিছতেই পুৱা ১১ বজাত ৰক্তদানৰ সজাগতামূলক শোভাযাত্ৰা উলিওৱা হয় ৷ পুৱা ১১.৩০ বজাত ৰক্তদান শিবিৰ উদ্ধোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জিলা সভাপতি টংকেশ্বৰ গগৈয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/a69673ea-c532-4c96-908c-4385ed59906b/27d25e83_6d90_4aad_b391_0231f6c61fae.jpg)
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিভিন্ন ঠাইৰ পৰা অহা ৫০ জন সংঘৰ সেৱক সেৱিকাই শিবিৰত ৰক্তদান কৰে ৷ দুপৰীয়া ১২ বজাৰলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপ পদাধিকাৰ চক্ৰধৰ সোনোৱালৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰক্তদান সম্পৰ্কীয় সজাগতা সভাখনি উদ্ধোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/0db531db-052c-4571-97f0-aa897d4c1b7d/168f20b8_e362_49c4_b0e2_68aec3c9f07c.jpg)
সজাগতা সভাত অতিথি হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে ধেমাজি জিলা স্বাস্থ্যসেৱা যুটীয়া সঞ্চালক ডাঃ সৌৰভ গগৈ,শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুটীয়া সম্পাদক দিলীপ বৰা, ধেমাজি মহকুমাৰ স্বাস্থ্য ডাঃ যোগেন দাস,শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰ সম্পাদক বদন বৰা,ধেমাজি জিলা শাখাৰ শৰণ সদস্য পোনাৰাম চুতীয়া,ধেমাজি অসামৰিক চিকিৎসালয়ৰ ৰক্তভঁৰালৰ ভাৰপ্ৰাপ্ত বিষয়া বিপুল ৰংহাং,ধেমাজি অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ বিনোদ বৰা,ধেমাজি জিলা শাখাৰ মূলৰ সদস্য ক্ৰমে কমল দাস,জয়ন্ত শইকীয়া আৰু মোহন চন্দ্ৰ শইকীয়াৰ লগতে ঔষধ পৰিদৰ্শক ডাঃ যুগল বৰুৱাই ৷
Also Read: প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনক কেন্দ্ৰ কৰি বাংগালডোবাত উত্তপ্ত পৰিস্থিতি