/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-23/avk1c1is/dhemaji 23.jpg)
যৌন নিৰ্যাতনকাৰীৰ ফাঁচীৰ দাবীৰে ধেমাজিত লেখিকা সমাৰোহ সমিতিৰ প্ৰতিবাদ...
ডিজিটেল সংবাদ ধেমাজিঃ দেশ কপাই যোৱা কলকতাৰ চিকিৎসক ছাত্ৰীৰ যৌন নিৰ্যাতন আৰু হত্যাকাণ্ডৰ তীব্ৰ প্ৰতিবাদ জনাই হত্যাকাৰীক ফাঁচী দিয়াৰ লগতে নাৰী নিৰ্যাতন বন্ধ কৰাৰ দাবীৰে আজি সন্ধিয়া ধেমাজিত শতাধিক মহিলাই প্ৰতিবাদ সাব্যস্ত কৰে।
আজি সন্ধিয়া প্ৰায় ৫.৩০ বজাত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত মহিলাসকলে হাতে-হাতে বিভিন্ন শ্লোগান লিখা প্লে'ৰ্কাড লৈ এই প্ৰতিবাদ সাব্যস্ত কৰে। ধেমাজি নগৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী সমদলত মহিলাসকলে ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰে হাতত মমবাতি লৈ জিলা আয়ুক্ত কাৰ্যালয়ৰ গেটৰ সন্মুখলৈ যায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-23/5v7yrxu2/a0c775d6-e1e7-4b37-a131-5dd9c4bd2245.jpg)
জিলা আয়ুক্ত কাৰ্যালয়ৰ গেটৰ সন্মুখত কিছু সময় তেওঁলোকে অৱস্থান কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত অসম লেখিকা সমাৰোহ সমিতিৰ ধেমাজি জিলা সমিতিৰ মুখ্য উপদেষ্টা বিমলা গগৈ, সভানেত্ৰী ড০ কবিতা গগৈ, কাৰ্যকৰী সভানেত্ৰী গুণলতা ফুকন, সম্পাদিকা ৰুক্মিণী গোহাঁই দত্ত, সহকাৰী সম্পাদিকা ড°বেবীমনি গগৈ আৰু প্ৰকাশনৰ সচিব বন্দনা দত্ত হাজৰিকা দ্বাৰা স্বাক্ষৰিত এখনি স্মাৰকপত্ৰ জিলা আয়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ প্ৰেৰণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-23/yvuy17wv/9545aa84-e183-41ee-8350-2caac1afba02.jpg)
এই প্ৰতিবাদী সমদল আৰম্ভ হোৱাৰ পূৰ্বে ধেমাজি নগৰ প্ৰাথমিক বিদ্যালয়ত এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত হয় ৷ ধেমাজি জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ড° কবিতা গগৈৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত কলকাতাৰ চিকিৎসক ছাত্ৰীগৰাকীৰ হত্যাকাৰীক বিচাৰি উলিয়াই ফাঁচী দিয়াৰ লগতে নাৰী নিৰ্যাতন বন্ধ কৰি দেশৰ মহিলাসকলক সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱাৰ লগতে বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে ৷
Also Read: জীয়ৰী আৰু ভতিজীৰ কাজিয়া ভাঙিবলৈ গৈ প্ৰাণ হেৰুৱালে এজনে...