/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/09/dangor-khobr-2.jpg)
জীয়ৰী আৰু ভতিজীৰ কাজিয়া ভাঙিবলৈ গৈ প্ৰাণ হেৰুৱালে এজনে...
ডিজিটেল সংবাদ বটদ্ৰৱাঃ বটদ্ৰৱাৰ ধনিয়াভেটিত সংঘটিত হৈছে এক কৰুণ ঘটনা। জানিব পৰা মতে ঘৰুৱা এক কাজিয়াৰ পৰিণতিত ভতিজীৰ হাততে মৃত্যু হ'ল খুৰাকৰ।
ঘটনাৰ বিৱৰণ অনুসৰি বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ধনিয়াভেটি গাঁৱৰ এটা পৰিয়ালৰে দুগৰাকী যুৱতীৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়। দুয়ো যুৱতী সম্পৰ্কীয় বায়েক-ভনীয়েক।
এই কাজিয়া চলি থকাৰ মাজতে এগৰাকী যুৱতীৰ বৰ্ষিয়ান পিতৃ তাহেৰ উদ্দিন নামৰ লোকজনে দুয়োকে কাজিয়াত লিপ্ত নহ'বলৈ কৈ বুজাবলৈ যায়। কিন্তু কাজিয়াত লিপ্ত হৈ হিতাহিত জ্ঞান হেৰুৱাই তাহেৰ উদ্দিনৰ ভতিজীয়ে।
তেওঁ বৰ্ষীয়ান লোকজনক গাৰ সমস্ত জোৰে ঠেলা মাৰি দিয়াত তেওঁ দূৰলৈ গৈ বাগৰি পৰে। লগে লগে অজ্ঞান হৈ পৰে তাহেৰ উদ্দিন। তাৰ পাছতে তেওঁক হাস্পতাললৈ লৈ যোৱাৰ চেষ্টা কৰা হয় যদিও তেওঁৰ মৃত্যু হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-23/x1i4n5hf/de7494a9-ec08-4104-9ce0-dae21a584d8e.jpg)
জীয়ৰী আৰু ভতিজীৰ কাজিয়া ভাঙিবলৈ গৈ এইদৰে এগৰাকী বৰ্ষীয়ান ব্যক্তিৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ বটদ্ৰৱাতে চাঞ্চল্য সৃষ্টি কৰিছে। সম্প্রতী বটদ্ৰৱা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে।
Also Read: প্ৰয়াত প্ৰগতিশীল চিন্তাবিদ অৱনী বৰঠাকুৰৰ ৰাজহুৱা স্মৃতিচাৰন সভাৰ আয়োজন...