গ্ৰীষ্ম প্ৰৱাহৰ তীব্ৰ দহনঃ হিটষ্ট্ৰোকত মৃত্যু ৬৫জনৰ

গ্ৰীষ্ম প্ৰৱাহৰ তীব্ৰ দহনঃ হিটষ্ট্ৰোকত মৃত্যু ৬৫জনৰ

ডিজিটেল ডেস্কঃ উত্তৰ ভাৰতত গ্ৰীষ্ম প্ৰৱাহে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । দেশৰ কেইবাখনো ৰাজ্যত গ্ৰীষ্ম প্ৰৱাহৰ ফলত বহু লোক প্ৰভাৱিত হৈছে। বিহাৰ, উত্তৰ প্ৰদেশত ৫০ ডিগ্ৰী চেলছিয়াছলৈ উষ্ণতা বৃদ্ধি পাইছে ।

৪৮ঘন্টাত হিটষ্ট্রোকত আক্রান্ত হৈ অকল বিহাৰতে মৃত্যু হৈছে ৬০ জনৰো অধিক লোকৰ। দিল্লী, হাৰিয়ানা, পাঞ্জাৱ, ৰাজস্থান, উত্তৰ প্রদেশ, মধ্যপ্রদেশ, ওড়িশা আদিতো চলি আছে ভয়ানক গ্রীষ্ম প্রবাহ।

বুধবাৰে ঔৰংগবাদ জিলাত ২ঘন্টাতে মৃত্যু হয় ১৬জনৰ। মৃতসকলৰ ভিতৰত ১০জনেই নিৰ্বাচনত জড়িত চৰকাৰী কৰ্মচাৰী আছিল। এখন চৰকাৰী বিদ্যালয়ত হিটষ্ট্ৰোকত আক্ৰান্ত হৈছে ১৬গৰাকী শিক্ষাৰ্থী। ৰাজ্যসমূহৰ ভিতৰত বিহাৰত মৃত্যুৰ সংখ্যা সৰ্বাধিক। ইতিমধ্যে বতৰ বিজ্ঞান বিভাগে তীব্ৰ গ্ৰীষ্ম প্ৰৱাহৰ সতৰ্কবাণী জাৰি কৰিছে।

ওড়িশাত গ্ৰীষ্ম প্ৰৱাহৰ ফলত ৩০গৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । আটাইকেইজনে ৰাজ্যখনৰ ৰাউৰকেল্লা চহৰৰ। ৰাজস্থানতো গ্ৰীষ্ম প্ৰৱাহৰ প্ৰভাৱ দেখা গৈছে। এতিয়ালৈকে ৰাজ্যখনত ৫গৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। ঝাৰখণ্ডৰ ৪ গৰাকী লোকৰ মৃত্যু হয় । মধ্যপ্ৰদেশত ২জনৰ মৃত্যুক খবৰ পোৱা গৈছে। এই সময়তে দিল্লীত দেখা দিছে খোৱা পানীৰ নাটনিয়ে। এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে জনসাধাৰণে।

গ্ৰীষ্ম প্ৰৱাহৰ তীব্ৰ দহনঃ হিটষ্ট্ৰোকত মৃত্যু ৬৫জনৰ
সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনঃ ইভিএমত বন্দী হ'ব কেইবাগৰাকী হেভীৱেট প্রার্থীৰ ভাগ্য

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in