/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/50a66b4c-d85e-4c69-92c4-be214aa6acab/401.jpg)
ডিজিটেল সংবাদ,ধেমাজি : ৰাজ্যখনৰ একাংশ মহাবিদ্যালয় বন্ধ বা একত্ৰীকৰণ হ'ব বুলি ইতিমধ্যে কেতবোৰ প্ৰচাৰ মাধ্যমত প্ৰচাৰ হোৱা বিষয়টো সম্পূৰ্ণ ভিত্তিহীন অথবা উৰা বাতৰি বুলি শনিবাৰে ধেমাজি জিলাৰ বুটিকোৰত অনুষ্ঠিত হোৱা সংবাদমেলযোগে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে স্পষ্ট কৰি দিয়ে ৷ ৰাজ্যৰ শিক্ষা ব্যৱস্থাত আন্তঃগাঁঠনি উন্নতিকৰণৰ বিশাল অভিযানৰ লগতে মহাবিদ্যালয়সমূহত এক ক্লাষ্টাৰিং ব্যৱস্থা কৰিবলৈ লোৱা হৈছে বুলি শিক্ষা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/f9e14600-1e03-4323-a8ff-c3acb13ca977/55d6ba1e_4618_4bed_8fb9_5c623a52b9aa.jpg)
সংবাদমেলত শিক্ষা মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ ৪০০০ খন মাধ্যমিক পৰ্য্যায়ৰ বিদ্যালয়ৰ নৱ নিৰ্মাণৰ ব্যৱস্থাৰ কৰা, সম্পূৰ্ণ ভৱন নিৰ্মানৰ বাবে ৮ কোটি টকাৰ লগতে ৪৫২ খন বিদ্যালয়ৰ আন্তঃগাঁঠনি উন্নয়ন আৰু আধুনিকীকৰণৰ বাবে ২হাজাৰ ৮শ কোটি টকাৰ বৃহৎ প্ৰকল্প শিক্ষা বিভাগে ইতিমধ্যে হাতত লৈছে বুলি সংবাদমেলত উল্লেখ কৰে ৷ আনহাতে ১ মাৰ্চৰ পৰা অসমৰ চাহ বাগান অঞ্চলৰ ১০০ খন বিদ্যালয় নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে অৱগত কৰে ৷
উল্লেখ্য যে, শনিবাৰে অসম মালা আচঁনিৰ অধীনত ৫২ কোটি টকাৰে নিৰ্মান কৰিবলগীয়া বুটিকোৰৰ পৰা ঘিলামৰা লৈ যোৱা গড়কাপ্তানি বিভাগৰ পথচোৱা ভূমিপুজনৰ কাৰ্য্যসূচীৰ পিছতেই সংবাদমেল অনুষ্ঠিত হয় ৷ সংবাদমেলত লখিমপুৰ লোকসভাৰ সাংসদ প্ৰদান বৰুৱাও উপস্থিত থাকে ৷
Also Read: ডি আই জি পাৰ্থ সাৰথি মহন্তক আই জি পি পদলৈ পদোন্নতি