পুনৰ শুকাইছে চিয়াং নদীৰ পানী : চীনত নদীবান্ধ নিৰ্মাণৰ সন্দেহ ৰাইজৰ

পুনৰ শুকাইছে চিয়াং নদীৰ পানী : চীনত নদীবান্ধ নিৰ্মাণৰ সন্দেহ ৰাইজৰ

author-image
Asomiya Pratidin
New Update
পুনৰ শুকাইছে চিয়াং নদীৰ পানী : চীনত নদীবান্ধ নিৰ্মাণৰ সন্দেহ ৰাইজৰ

ডিজিটেল সংবাদ, চিলাপথাৰঃ মহাবাহু ব্ৰহ্মপুত্ৰৰ মূল উৎস চিয়াং নদীৰ জলস্তৰ অস্বাভাৱিক ভাৱে হ্ৰাস পোৱাৰ লগতে নদীৰ বক্ষৰ গভীৰতা হ্ৰাস পোৱাৰ ঘটনাই চিন্তিত কৰি তুলিছে নৈপৰিয়া ৰাইজক l নদীৰ বুকুত পানীৰ সলনি চতুৰ্দশ মাথো বালি l নদীৰ বিস্তীৰ্ণ অঞ্চল বালি চাপৰিত পৰিৱৰ্তন হৈ বিশাল মৰুদ্যানৰ ৰূপ লৈছে নদীয়ে। চিয়াংৰ বুকুত নাওৰ সলনি চলিছে টেক্টৰ-বাইক l

Advertisment

হঠাৎ চিয়াং নদীৰ এনে পৰিৱৰ্তনে চিন্তিত কৰি তুলিছে ৰাইজক l চিয়াংৰ বুকুত লাগি থকা জোনাইৰ আয়ুসৰেখা স্বৰূপ "পবা বৰ্ষাৰণ্য"ৰ জীৱকুলৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে চিয়াং নদীৰ এই হ্ৰাস পোৱা জলস্তৰে l ক্ৰমাত শুকাইছে নদীকাষৰীয়া গছ-লতিকাসমূহ।

এই অভাৱনীয় পৰিস্থিতিৰ ফলত চিয়াং- ব্ৰহ্মপুত্ৰ উপত্যকাৰ নৈপৰীয়া ৰাইজৰ জীৱন জীৱিকাৰ ওপৰতো চৰম ভাবুকি আহি পৰিছে। কেৱল নদীনিৰ্ভৰ মৎস্য জীৱি আৰু হাজাৰ হাজাৰ খৰিকটীয়াৰ জীৱন জীৱিকাৰ প্ৰতি ভাবুকি আহি পৰিছে। সময়ে সময়ে চিয়াংৰ পানী ঘোলা হৈ বৈ অহাৰ সমান্তৰালকৈ নদীৰ বক্ষ বাম হৈ আহিছে লাহে লাহে l

চিয়াং নদীৰ এনে পৰিৱৰ্তনত বহু প্ৰশ্নৰ অৱতাৰণা হৈছে l তাৰ সমান্তৰালকৈ আঙুলি উঠিছে চিৰশত্ৰু চীন দেশলৈ l ৰঙা চীনৰ ষড়যন্ত্ৰৰ সন্দেহ ৰাইজৰ l চিয়াংৰ উৎসত চীন দেশে নদীবান্ধ নিৰ্মাণৰ কাম অব্যাহত ৰখাৰ সন্দেহ ৰাইজৰ l নদীবান্ধ বান্ধি ৰঙা চীনে পানী সোত অন্য দিশে বোৱাই লৈ যোৱাৰ সন্দেহ প্ৰকৃতি প্ৰেমী ৰাইজৰ। প্ৰতিবছৰে চিয়াং নদীৰ এনে পৰিবৰ্তনৰ সম্পৰ্কে ভাৰত তথা অসম চৰকাৰক তদন্ত কৰি ব্যৱস্থা গ্ৰহণৰ দাবী নৈপৰীয়া ৰাইজৰ l

Also Read: জামুগুৰিহাটত শ শ বিঘা পকা ধানত শুৰ পোকৰ তাণ্ডৱ

siyang river