/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/8d7808e1-406f-4ce9-8180-a290fb53b621/8.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ বাপুনীপামৰ ধাননি পথাৰত এতিয়া চলিছে শুৰ পোকৰ তাণ্ডৱ । পকীবলৈ ধৰা ধাননি পথাৰত শুৰ পোকৰ তাণ্ডৱে নিদ্ৰা হৰিছে কৃষক ৰাইজৰ। শুৰ পোকে ঠোকে ঠোকে ছিঙিছে সোঁণোৱালী ধান।
জীয়া ভৰলী নদীৰ পাৰৰ শ শ বিঘা ধাননি পথাৰৰ সোঁণোৱালী ধান শুৰ পোকে ছিঙি তহিলং কৰাত এতিয়া মূৰে কপালে হাত দিছে কৃষক ৰাইজে। মূৰৰ ঘাম মাটিত পেলাই অতি কষ্টেৰে কৰা ধানখেতিত এতিয়া শুৰ পোকৰ উপদ্ৰৱৰ ফলত মানসিকভাৱে ভাগি পৰিছে জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ কৃষকসকল।
নিৰুপায় কৃষকসকলে এতিয়া তেওঁলোকৰ ধাননি পথাৰৰ অসহনীয় ৰূপ প্ৰত্যক্ষ কৰিবলৈ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলক পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনাইছে।
Also Read: উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰি গ্ৰেপ্তাৰ হ'ল বিধায়ক আফতাব উদ্দীন মোল্লা