ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ১৪ সংখ্যক ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ১৪ সংখ্যক ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ডিজিটেল সংবাদ ,ধেমাজি: ধেমাজি জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত বৃহস্পতিবাৰে ১৪ সংখ্যক ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন কৰা হয় ৷ এই উপলক্ষে দিৱসৰ আদৰণী ভাষন দিয়ে ধেমাজিৰ নিৰ্বাচনী বিষয়া ৰুবী কুমাৰী ৰয়য়ে ৷আদৰণী ভাষনত নিৰ্বাচনী বিষয়া গৰাকীয়ে ভাৰতীয় নিৰ্বাচনী আয়োগৰ প্ৰতিষ্ঠা দিৱস ২৫ জানুৱাৰী দিনটো ২০১১চনৰ পৰাই ৰাষ্ট্ৰীয় ভোটাৰ দিৱস হিচাপে পালন কৰি আহিছে বুলি উল্লেখ কৰে ৷

দিৱসত জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া অংকুৰ ভৰালীয়ে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপনৰ উদ্দেশ্য সম্পৰ্কে উপস্থিত ভোটাৰ সকলক অৱগত কৰে ৷ বক্তব্যত আয়ুক্ত গৰাকীয়ে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপনৰ কাৰ্য্যসূচীয়ে নাগৰিক সকলৰ মাজত নিৰ্বাচনী সজাগতাক উৎসাহিত আৰু প্ৰসাৰিত কৰাৰ বিষয়ে উল্লেখ কৰে। লগতে ভাৰতৰ গণতান্ত্ৰিক পৰম্পৰা, মুক্ত, নিকা আৰু শান্তিপূৰ্ণ নিৰ্বাচনৰ মৰ্যাদা ৰক্ষা কৰাৰ লগতে প্ৰতিটো নিৰ্বাচনত কোনো প্ৰৰোচনা নোহোৱাকৈ নিৰ্ভয়ে ভোটদান কৰাৰ বাবেও ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত সকলোৱে প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ গুৰুত্ব আৰোপ কৰে ৷

অনুষ্ঠানত উপস্থিত থকা জিলা উন্নয়ন আয়ুক্ত বিশ্বজ্যোতি ফুকন চমু বক্তব্যত ভোটাৰ গুৰুত্ব আৰু এটা নিৰ্বাচনত একক ভোট কিমান গুৰুত্বপূৰ্ণ হ'ব পাৰে সেই সম্পৰ্কে উল্লেখ কৰা লগতে উপস্থিত যুৱ ভোটাৰ সকলক উৎসাহিত কৰে ৷ অনুষ্ঠানত জিলা আয়ুক্ত আৰু নিৰ্বাচনী বিষয়াই ধেমাজি ৭৮ নং বিধান সভা সমষ্টিৰ ৫ জন নতুনকৈ নাম ভৰ্তি কৰা যুৱ ভোটাৰক সৰ্ম্বধনা জনোৱাৰ লগতে ই- এপিক কাৰ্ডও বিতৰন কৰে ৷

ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ১৪ সংখ্যক ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন
পদ্ম বঁটা ২০২৪ঃ ৫গৰাকীলৈ পদ্মবিভূষণ, ১৭ গৰাকীলৈ পদ্মভূষণ আৰু ১১০ গৰাকীলৈ পদ্মশ্ৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in