ৰাজ্যত সৰ্বত্ৰে জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ

ৰাজ্যত সৰ্বত্ৰে জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ

author-image
Asomiya Pratidin
New Update
ৰাজ্যত সৰ্বত্ৰে জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ

ডিজিটেল ডেস্কঃ স্বাস্থ্য বিভাগৰ কঠোৰ পদক্ষেপৰ পাছতো ৰাজ্যত ডেংগী, মেলেৰীয়া আৰু জাপানীজ এনচেফেলাইটিছ ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰিছে। বর্তমানলৈকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৯০গৰাকীকৈ জাপানীজ এনচেফেলাইটিছ ৰোগত আক্রান্ত ৰোগীক ভর্তি কৰোৱা হৈছে। তাৰ ভিতৰত ২২ জনৰ ইতিমধ্যে মৃত্যু হৈছে।

Advertisment

চিকিৎসা মহাবিদ্যালয়খনত এতিয়াও ৪০গৰাকীকৈ এনে ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে শেহতীয়াকৈ ২৩গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভতি যোৱা বুলি জানিব পৰা গৈছে।

দৰঙত সম্প্রতি ১১ জনকৈ লোক জাপানীজ এনচেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে। জিলাখনৰ খাৰুপেটিয়াত ৬ গৰাকী আৰু পাথৰিঘাট এলেকাত ৫ গৰাকী লোক এই ৰোগত আক্রান্ত হৈছে। এইসকল আক্রান্তৰ ভিতৰত এজন বর্তমানে চিকিৎসাহীন হৈ থকাৰ বিপৰীতে বাকী ১০ জন সুস্থ হৈ উঠিছে।

উল্লেখযোগ্য যে বুধবাৰে ক্ষেত্রীতো এই ৰোগত আক্রান্ত হৈ এজন লোকৰ মৃত্যু ঘটিছে। উল্লেখযোগ্য যে, সোণাপুৰ মহকুমা স্বাস্থ্য বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ ডিমৰীয়াত এই পর্যন্ত ৫ জন লোক এই ৰোগত আক্রান্ত হৈছে।

ইপিনে, মেলেৰীয়া আৰু ডেংগী ৰোগৰ দ্রুত সংক্রমনেও ৰাজ্যজুৰি জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি কৰিছে। চিৰাং জিলাত মেলেৰীয়াত আক্রান্ত ৰোগীৰ সংখ্যা ৮৭ লৈ বৃদ্ধি পাইছে। আনহাতে ৩ জন লোক জাপানীজ এনচেফেলাইটিছত আৰু আন ৩ জন ডেংগীত আক্রান্ত হৈছে। জিলাখনৰ ভূটান সীমান্তৰ শান্তিপুৰ, কনীখাটা আৰু গৰুভাষা অঞ্চলত মেলেৰীয়া আক্রান্তৰ সংখ্যা অধিক হোৱা বুলি জানিব পৰা গৈছে।

ইতিমধ্যে মেলেৰীয়া, ডেংগী আৰু জাপানীজ এনচেফেলাইটিছৰ দৰে বাহক জনিত ৰোগৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগে জনসাধাৰণৰ মাজত সজাগতা অনাৰ উদ্দেশ্যে বিভিন্ন কার্যপন্থা হাতত লৈছে। স্বাস্থ্য বিভাগে মহৰ প্ৰজনন ৰোধ কৰিবলৈ ঠায়ে ঠায়ে ফ'গিঙৰো ব্যৱস্থা কৰিছে।

আনহাতে জনসাধাৰণকো মহৰ আক্ৰমণৰ পৰা সুৰক্ষিত হৈ থাকিবলৈ ঘৰৰ চৌদিশে পানী জমা হ'বলৈ নিদিয়া, শোৱাৰ সময়ত আঁঠুৱা ব্যৱহাৰ কৰা, শৰীৰ ঢাক যোৱাকৈ কাপোৰ পৰিধান কৰা, মহ প্ৰতিৰোধী বৈদ্যুতিক মেট আৰু ধূপ-ধূনা-কইল ইত্যাদি ব্যৱহাৰ কৰিবলৈ বিভিন্ন নির্দেশনা জাৰি কৰিছে।

আনহাতে লখিমপুৰত জাপানীজ এনকেফেলাইটিছ, ডেংগু আদি ৰোগৰ ভয়াৱহ সংক্ৰমণ ৷ ১৭জন লোক জাপানীজ এনকেফেলাইটিছত আক্রান্ত হোৱাৰ বিপৰীতে ২৩জন লোক ডেংগু ৰোগত আক্ৰান্ত হৈছে। জিলাখনৰ স্বাস্থ্য বিভাগৰ উদ্যোগত সজাগতা সভাৰ আয়োজন কৰিছে ৷

Also Read: আজি বিজেপি ত্যাগ কৰিব নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই...

gmc japanese encephalitis dengue health department of assam