শান্তিপূৰ্ণ পৰিৱেশৰ মাজেৰে গাই নদীত দেৱী বিসৰ্জন

শান্তিপূৰ্ণ পৰিৱেশৰ মাজেৰে গাই নদীত দেৱী বিসৰ্জন

ডিজিটেল সংবাদ,চিলাপথাৰ : আজি বিজয়া দশমী। চিলাপথাৰৰ গাই নদীত বিসৰ্জন দিয়া হ'ল দেৱী দুৰ্গাৰ অৰ্ধশতাধিক মৃন্ময় মূৰ্তি। পূজা উদযাপন কৰাৰ পিছত সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে ৰাইজে নদীত বিসৰ্জন দিয়ে দেৱী দুৰ্গাৰ লগতে অন্যান্য দেৱ- দেৱীৰ প্ৰতিমাসমূহ।

চিলাপথাৰ অঞ্চলৰ বিভিন্ন স্থানত অনুষ্ঠিত দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জনৰ বাবে সমবেত হ'ল অজস্ৰ লোক। ঢাক -ঢোলৰ ধ্বনি আৰু অবিৰত আৰতি নৃত্য-গীতৰে মুখৰ হৈ পৰে গাই নদীৰ আকাশ বতাহ।

দেৱীৰ শ্ৰীচৰণত অন্তিমবাৰ প্ৰণাম জনাই অনাগত দিনত সুখ - শান্তি আৰু প্ৰগতিৰ বাবে মা পৰা আশীৰ্বাদ বিচাৰিলে ভক্তই । শান্তিপূৰ্ণ পৰিবেশৰ মাজত বিসৰ্জন পৰ্ব সামৰণি পৰাত ৰাইজক ধন্যবাদ দিলে আৰক্ষী প্ৰশাসনে।

শান্তিপূৰ্ণ পৰিৱেশৰ মাজেৰে গাই নদীত দেৱী বিসৰ্জন
অশ্ৰুসিক্ত নয়নেৰে দেৱী দুৰ্গাক বিদায় দিলে মথুৰাপুৰবাসীয়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in