/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/a5011215-1fbf-41fc-865e-246294a6eb38/6.jpg)
ডিজিটেল সংবাদ, ধেমাজি: ধেমাজি জিলাৰ অন্তৰ্গত অসম আৰু অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলৰ সুবাহী লাইপুলীয়াস্থিত বিদ্যাঃ দ্য লিভিং স্কুলৰ উদ্যোগত মেকবেথ ড্ৰামা ধেমাজি, লাইপুলীয়া যুৱক সংঘ, মৰমী যুৱক সংঘ পশ্চিম সুবাহী, সুবাহী আঞ্চলিক যুৱক সংঘ, তৰুণজ্যোতি যুৱ-সংঘ বঙালমাৰী, সুৰুযমুখী শিল্পী সংঘ গোঁহাইপাম আৰু হাতীপাৰা যুৱক সংঘৰ সহযোগত ৰাই ৰিভাৰ ৰাষ্ট্ৰীয় সাহিত্য আৰু নাট সন্মিলনী অহা ১ডিচেম্বৰ পৰা ৫দিনীয়াকৈ বিস্তৃত কাৰ্য্যসূচীয়ে অনুষ্ঠিত কৰিবলৈ আয়োজন কৰা হৈছে ৷
কাৰ্য্যসূচী অনুসৰি প্ৰথম দিনা অনুষ্ঠিত হ'ব লগা বিকাশ আৰু বিজ্ঞান নামৰ অনুষ্ঠানটিত উপস্থিত থাকিব প্ৰিন্সিপাল ছাইনটিষ্ট নৰ্থ ইষ্ট ইনষ্টিটিউট অফ চাইন্স এণ্ড টেকনলজীৰ ২০২১বৰ্ষত শান্তিস্বৰূপ ভাটনগৰ বটাঁ প্ৰাপক বিজ্ঞানী ড° বিনয় কুমাৰ শইকীয়া আৰু আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন উদ্ভাৱক পদ্মশ্ৰী উদ্ধৱ কুমাৰ ভৰালীয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/148b1fab-0a05-49e0-b958-1250037c42a8/641e7b2e_40a4_4b5a_a406_4dbdd3343e61.jpg)
দ্বিতীয় দিনা অনুষ্ঠিত হ'ব লগা 'অ' মোৰ আপোন গাঁও'ৰ অনুষ্ঠানত উপস্থিত থাকিব জ্যেষ্ঠ সাংবাদিক তথা গ্ৰাম্য অৰ্থনীতিবিদ মনোৰম গগৈ ৷ তৃতীয়া দিনা অনুষ্ঠিত হ'ব লগা অসমৰ ব্যতিক্ৰমী স্কুল কেইখনমানৰ শিক্ষক সকলৰ আলাপ-আলোচনা আৰু মত বিনিময় অনুষ্ঠান 'পোহৰৰ বঁকিয়া’ত অংশগ্ৰহণ কৰিব গুৱাহাটীৰ পাৰিজাত একাডেমী, মাজুলীৰ হামিং বাৰ্ড ,নামচাং চাহ বাগিছা আদৰ্শ বিদ্যালয়, বোকাখাট জাতীয় বিদ্যালয় আৰু চেপন চাহ বাগিছা আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষসকলে ৷
চতুৰ্থ দিনা অনুষ্ঠিত হ'ব লগা “সুৱাগুৰি ” নামৰ কবিতা অনুষ্ঠানটি সঞ্চালনা কৰিব ড° ৰাজীৱ বৰাই ৷ অনুষ্ঠানত বিপুলজ্যোতি শইকীয়া, মৃদুল হালৈ, ডাঃ প্ৰণয় ফুকন, সৌৰভ শইকীয়া, ড° ৰাতুল লাহনকে ধৰি বহু কেইগৰাকীও বিশিষ্ট কবিয়ে অংশগ্ৰহণ কৰিব ৷
শেষৰ দিনা অনুষ্ঠিত হ'ব লগা “কাঁচিয়লি ৰ'দ” নামৰ অনুষ্ঠানটিত উপস্থিত থাকিব প্ৰতিথযশা সাহিত্যিক, ঔপন্যাসিক, লেখক ড° ৰীতা চৌধুৰীয়ে ৷ এই সন্মিলনত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শন ও বিক্ৰী ব্যৱস্থা কৰা লগতে উক্ত সন্মিলনৰ ৫ দিনতেই অসমৰ প্ৰতিষ্ঠিত প্ৰকাশনগোষ্ঠীসমূহে গ্ৰন্থমেলা অনুষ্ঠিত কৰিব ৷ ইয়াৰোপৰি সন্মিলনত অসমকে ধৰি ৰাজ্যৰ বাহিৰৰ মুঠ ৭খন নাটও মঞ্চায়ন হ'ব ৷
Also Read: কৰ দি মৰ !