/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-29/iyyjioxk/2.jpg)
ডিজিটেল সংবাদ,ধেমাজি: সমগ্ৰ বিশ্বতে ভিগেন থেৰাপীৰ জৰিয়তে ৰোগীয়া জনৰ কাষত থিয় দিয়া বহুজাতিক কোৰিয়ান কোম্পানী ভিগেন ইণ্ডিয়াই বুধবাৰে সফলতাৰে ২৬ বছৰ সম্পূৰ্ণ কৰে। সমগ্ৰ উত্তৰ পূৱত দৈনিক কেইবা সহস্ৰাধিক লোকে ৩৬টা কেন্দ্ৰৰ জৰিয়তে বিনামূলীয়াকৈ থেৰাপী লোৱা সুবিধা গ্ৰহণ কৰিছে ভিগেন ইণ্ডিয়াই৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-29/6mc446ux/c99bb8a4-1f24-451c-93fe-aee49ef9ab1f.jpg)
বুধবাৰে ধেমাজি জিলাৰ উদ্যোগত দিনযোৰা কাৰ্য্যসূচীৰে ধেমাজি চাৰিআলিৰ সমীপৰ ব্লক বহুমুখী ভৱনত ভিগেন ইণ্ডিয়াৰ ২৬সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ৷ আৰম্ভণিতে বৰ্ষপূতি উদযাপন সমিতিৰ সভাপতি শশী শইকীয়া আৰু সম্পাদক ভদ্ৰেশ্বৰ কোঁৱৰে বন্তি প্ৰজ্বলনেৰে কাৰ্য্যসূচী শুভাৰম্ভ কৰে।
ইয়াৰ পিছতেই ভিগেন ইণ্ডিয়া থেৰাপী ধেমাজি পৰিয়ালে এটি কোৰাছ পৰিৱেশন কৰে ৷ নীলাক্ষী দিহিঙ্গীয়াৰ নেতৃত্বত অনুষ্ঠিত হোৱা বিহু গীতেৰে উপস্থিত ৰাইজক আল্পুত কৰে। এই অনুষ্ঠানত মুখ্য অতিথি অতিথি হিচাবে উপস্থিত থাকি বছৰীয়া ভিগেন ইণ্ডিয়া প্ৰতিষ্ঠাতা কোৰিয়াৰ(চোং চিন জ্য ) chung shin ja য়ে বক্তব্যত ভাৰত,নেপাল,চাইন, উত্তৰ কোৰিয়া,দক্ষিণ কোৰিয়াকে ধৰি বিশ্বৰ ৯০ খন দেশত ভিগেন ইণ্ডিয়াই কি দৰে এই সেৱা আগবঢ়াই সফলতা লাভ কৰিবলৈ সক্ষম হোৱা বিষয়কলৈ বিতংকৈ বৰ্ননা কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-29/lcaes1fc/1a739666-7026-4572-9c01-baaae6b751c4.jpg)
অনুষ্ঠানত উপস্থিত থকা অন্য এগৰাকী মুখ্য অতিথি ভিগেন ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া(চাং গণ পাৰ্ক) SUNG GON PARk য়ে ও বিশ্বৰ দেশ বিদেশত ৰাইজে আদৰি লোৱা সম্পৰ্কে অৱগত কৰে ৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভিগেন ইণ্ডিয়াৰ উত্তৰ পূৰ্বৰ মাৰ্কেটিং ডাৰেক্টৰ ৰেৱা বৰুৱা , ৰিজনেল ডাৰেক্ট অনুপ কুমাৰ দিহিঙ্গীয়া ,কাৰ্য্যবাহী সঞ্চালক পীতি সিং আৰু মাৰ্কেটিং মেনেজাৰ পৰিস্মিতা গগৈকে ধৰি বহু কেইগৰাকীয়ে উপস্থিত থাকে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-29/u9alh9mv/719371b5-7bee-4fc6-998f-39cb4400daf9.jpg)
অনুষ্ঠানত ভিগেন ইণ্ডিয়াৰ কোৰিয়ান দুয়োগৰাকী অতিথিয়ে অসমীয়া গীতৰ তালে তালে নাচি উপস্থিত শ শ থেৰাপী গ্ৰহণ কৰা লোকক উৎসাহ জনায় ৷ ইয়াৰ পূৰ্বে ধেমাজি ভিগেন ইণ্ডিয়া কৰ্মকতা আৰু থেৰাপী গ্ৰহণকাৰী সকলে ভিগেন ইণ্ডিয়া অতিথি দ্বয়ক ঢোল,তাল, গায়ন-বায়ন, গীত মাতেৰে ধেমাজি নগৰখনৰ পৰা সভাস্থলীলৈকে আদৰি আনে৷
Also Read: ধেমাজিত ১৫৭খন চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰ সম্পৰ্কত কৰ্মশালা...