/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-29/z4r7iixd/1.jpg)
ডিজিটেল সংবাদ,ধেমাজি: ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত বুধবাৰে চহৰখনৰ ৰাজহুৱা প্ৰেক্ষাগৃহত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ আৰোহণ আঁচনিৰ অধীনত অভিজ্ঞতা সম্পন্ন সমল ব্যক্তিৰ সৈতে শিক্ষাৰ্থীৰ এক মনোগ্ৰাহী বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-29/l5nmqazf/4e459e45-a28a-4e42-82c7-115224cf165b.jpg)
ধেমাজি শিক্ষা বিভাগৰ সহযোগত অনুষ্ঠিত এই সভাত জিলাখনৰ ১৫৭খন চৰকাৰী বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ পাৰদৰ্শী ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰে। পুৱা ১১ বজাত জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে বন্তি প্ৰজ্বলনেৰে কাৰ্য্যসূচী শুভাৰম্ভ কৰে ৷ ধেমাজি জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক বিতোপন হাজৰিকাই আদৰণি ভাষণ দিয়া পিছতেই ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে সমল ব্যক্তি সকলে মত বিনিময় কৰে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-29/53nmw54r/3a4bbd84-8b92-44b2-ba0f-4c4ddcee8c0d.jpg)
অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত মোবাইল ব্যৱহাৰৰ উপকাৰীতা,ইন্টাৰনেটৰ সুপ্ৰয়োগ,চিকিৎসক,শিক্ষক,প্ৰশাসনিক বিষয়া,আৰক্ষী বিষয়া, ভাৰতীয় সেনাবাহিনী বিষয়া,বৈজ্ঞানিক, সাংবাদিককে ধৰি বিভিন্ন ক্ষেত্ৰত কেৰিয়াৰৰ গঢ়া সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-29/2cqn4xfs/c4e5868f-77fe-4a83-b0cb-36091fc52380.jpg)
অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰে ধেমাজি জিলা উন্নয়ন আয়ুক্ত বিশ্বজিৎ ফুকন,জিলা অতিৰিক্ত আয়ুক্ত,ড° সঞ্জীৱ ফুকন, ভাৰতীয় সেনাৰ লিকাবালি ডিভিজনৰ লেফটেনেণ্ট গিৰি গুণ্দু,ধেমাজি জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ ) শাখাৰ জিকিৰাণী মহন্ত, সহকাৰী আয়ুক্ত বিষ্ণু শইকীয়াকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে ৷