ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পানীত বাগৰিল ভাৰ্ণা গাড়ী

ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পানীত বাগৰিল ভাৰ্ণা গাড়ী

ডিজিটেল সংবাদ,ধেমাজি : ধেমাজি জিলাৰ চমৰাজানত পথ দুৰ্ঘটনা। বানে বিধস্ত কৰি মৰণফান্দ সদৃশ গাঁত সৃষ্টি কৰা ধেমাজি চমৰাজানৰ ভজো গাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত বৃহস্পতিবাৰে বিয়লি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ ৷

উল্লেখ্য যে জীয়াঢলৰ পানীয়ে বুৰাই পেলোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাগৰি সমীপৰ পথাৰৰ এবুকু পানীত পৰিল বিলাসী হুণ্ডাই ভাৰ্ণা গাড়ী ৷ দুৰ্ঘটনাটত WB 06 G 8484 নম্বৰৰ গাড়ীখনৰ চালকজনৰ কথমপি প্ৰাণ ৰক্ষা পৰে।

তীব্ৰ বেগ আৰু পথৰ ওপৰেৰে বাগৰা জীয়াধলৰ পানীৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ ৷ আঘাতপ্ৰাপ্ত চালকজনৰ নাম জানিব পৰা নাই যদিও লখিমপুৰ জিলাৰ বগীনদীত ঘৰ বুলি জানিব পৰা গৈছে ৷

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ঘাইপথৰ এই পানী বাগৰা অংশত ইয়াৰ পূৰ্বেও কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে। আনহাতে প্ৰশাসনে এই স্থানত সুৰক্ষাৰ ব্যৱস্থা নকৰাৰ অভিযোগ স্থানীয় একাংশ ৰাইজৰ।

ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পানীত বাগৰিল ভাৰ্ণা গাড়ী
হায়দৰাবাদত ঢকুৱাখনাৰ যুৱকৰ অকাল বিয়োগ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in