Advertisment

চিলাপথাৰত নিৰ্মীয়মান অৱস্থাত দলবিৰ সিং লোহৰৰ প্ৰতিমূৰ্তি

ভাৰতৰ এগৰাকী অন্যতম স্বাধীনতা সেনানী তথা গোৰ্খা জনগোষ্ঠীয় প্ৰথমজন বিধায়ক দলবীৰ সিং লোহাৰৰ প্ৰতিমূৰ্তি সম্পূৰ্ণ হোৱাৰ পথত। দিবা নৈশ অব্যাহত আছে নিৰ্মাণ কাৰ্য্য।

author-image
Asomiya Pratidin
New Update
চিলাপথাৰত নিৰ্মীয়মান অৱস্থাত দলবিৰ সিং লোহৰৰ প্ৰতিমূৰ্তি

ডিজিটেল সংবাদ, ঢকুৱাখানাঃ ভাৰতৰ এগৰাকী অন্যতম স্বাধীনতা সেনানী তথা গোৰ্খা জনগোষ্ঠীয় প্ৰথমজন বিধায়ক দলবীৰ সিং লোহাৰৰ প্ৰতিমূৰ্তি সম্পূৰ্ণ হোৱাৰ পথত। দিবা নৈশ অব্যাহত আছে নিৰ্মাণ কাৰ্য্য।

Advertisment

ভাৰতীয় কামি উন্নয়ন পৰিষদ আৰু ধেমাজি জিলা আগছুৰ নেতৃত্বত আৰু ৰাইজৰ সহযোগত চিলাপথাৰ গোৰ্খা ভৱন‌ প্ৰাংগনত কুৰি লক্ষাধিক টকা ব্যয় সাপেক্ষে চলিছে প্ৰতিমূৰ্তি নিৰ্মাণ কাৰ্য। লগতে নিৰ্মাণ কৰিছে এক সুউচ্চ শ্বহীদ বেদি।

অহা ২৬ জানুৱাৰীত সৰ্বাংগসুন্দৰ প্ৰতিমূৰ্তি আৰু শ্বহীদ বেদীটো উন্মোচনৰ প্ৰস্তুতি চলিছে। উন্মোচক হিচাপে ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱালেক আমন্ত্ৰণ জনাইছে। লগতে উপস্থিত থাকিব বহু বিশিষ্ট ব্যক্তি। পবিত্ৰ উন্মোচনী কাৰ্যসুচীত সকলোৰে উপস্থিতিত কামনা কৰিছে আয়োজক সমিতিয়।

Also Read: পাকে পাগা হৰ্ণবিল মহোৎসৱত এথলেটিকছ চাইকেল ৰেচিংত প্ৰথম স্থান দখল টাজুম ধৰেৰ

ramdas athawale dalbeer singh lohar