/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/5f451bd0-a98b-4a06-a1f3-e38703d20e03/ddffd.jpg)
ডিজিটেল সংবাদ ,ধেমাজি: দেওবাৰে লখিমপুৰ লোকসভা সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰে উদয় শংকৰ হাজৰিকাক। টিকট লাভৰ পিছতেই আজি বিয়লি ৫.৩০ বজাত উদয় শংকৰ হাজৰিকাই ধেমাজি জিলা কংগ্ৰেছৰ কাৰ্যালয়ত উপস্থিত হয়৷
ধেমাজিত উপস্থিত হৈ প্ৰাৰ্থী গৰাকীয়ে দলৰ এখন সভাত অংশগ্ৰহণ কৰি কয় যে ৰাইজে এইবাৰ পৰিবৰ্তন বিচাৰিছে । বিজেপি চৰকাৰখনৰ অতপালি চূড়ান্ত পৰ্যায় পাইছেগৈ ৷ দেশৰ মানুহৰ শান্তি নোহোৱা হৈছে ৷ এইখন বিজেপি চৰকাৰ যদি আৰু শাসনত থাকে তেন্তে ভৱিষ্যতে দেশৰ সম্পত্তিবোৰ বিক্ৰী কৰি শেষ কৰি দিব।
তেওঁ বিজেপি দলৰ প্ৰাৰ্থী প্ৰদান বৰুৱাক বিদায়ী সাংসদ বুলি মন্তব্য কৰি সংসদত নিমাতী কন্যা হৈ থকা প্ৰদান বৰুৱাৰ বিৰুদ্ধে থকা প্ৰতিষ্ঠান বিৰোধী ঢৌৱে কংগ্ৰেছক সহায় কৰিব বুলি কয় ৷ ধেমাজি জিলা কংগ্ৰেছৰ সভাপতি মহেন্দ্ৰ বৰগোহাঁইয়ে পৰিচালনা কৰা সভাত লখিমপুৰ জিলা কংগ্ৰেছৰ গগণ বৰা ,অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ভাস্কৰ দুৱৰা ,অসম জাতীয় পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি নৰেন পাৱ ,কংগ্ৰেছ দলৰ বিষয়ববীয়া পদ্মলোচন দলেকে ধৰি বহু কেইগৰাকী বিষয়ববীয়াই বক্তব্য ৰাখে ৷
সভাত কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰাকীক ধেমাজি জিলা কংগ্ৰেছ, অসম জাতীয় পৰিষদ ধেমাজি জিলা সমিতি ,ধেমাজি মহিলা কংগ্ৰেছ কৰ্মী সকলে বিপুল আদৰণি জনায় ৷
Also Read: নাপালে টিকট! প্ৰদেশ কংগ্ৰেছৰ শিক্ষক কোষৰ অধ্যক্ষ পদ ত্যাগ ডঃ পদ্মেশ্বৰ দলেৰ