বিহালীত দুই বনদস্যুৰ সন্ত্ৰাস : ধৃতৰাষ্ট্ৰৰ ভূমিকাত বৰগাং আৰক্ষী-বন বিভাগ

আৰক্ষী থানাৰ সন্মুখেদি দিনে-ৰাতিয়ে নথি-পত্ৰবিহীন ডাম্পাৰে বে-আইনীভাৱে মাটি সৰবৰাহ কৰি আহিছে
বিহালীত দুই বনদস্যুৰ সন্ত্ৰাস : ধৃতৰাষ্ট্ৰৰ ভূমিকাত বৰগাং আৰক্ষী-বন বিভাগ

ডিজিটেল সংবাদ,বিহালী : বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালীত চলিছে বনদস্যুৰ দপদপনি ৷ অভিযোগমতে দীৰ্ঘদিনৰ পৰা বিহালীৰ বৰজাৰণিৰ একাংশ বনদস্যুৱে ডাম্পাৰে-ডাম্পাৰে অবৈধভাৱে বিহালীৰ বৰগাঙৰ একাংশ ইটাভাটাত চোৰাংভাৱে মাটি যোগান ধৰি আহিছে ৷ তথ্যমতে বিহালীৰ বৰজাৰণিৰ দুই বনদস্যু ক্ৰমে - মোবাৰক আলি আৰু মোজাহিদ আলিয়ে মাইনি অৰ্ডাৰ অবিহনে অবৈধ্যভাৱে কৃষি পথাৰ খনন চলাই বিহালীৰ বৰগাঙৰ ''তাজ'' (TAJ) আৰু আই বি আই(IBI)ইটাভাটাকে আদি কৰি কেইবাটাও ইটাভাটাত চোৰাংভাৱে মাটি যোগান ধৰি আহিছে ৷

অৱশ্যে এইক্ষেত্ৰত বৰগাং বন বিভাগে কোনো ধৰণ কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে। যাৰ ফলত ভূ-মাফিয়া দুটাই দিনে-নিশা ডাম্পাৰে-ডাম্পাৰে মাটি সৰবৰাহ কৰি আহিবলৈ সুযোগ লাভ কৰিছে ৷ প্ৰাপ্ত তথ্যমতে, বিহালী বৰগাঙৰ কেইবাটাও ইটাভাটাত নীতি বহিঃভূতভাৱে AS-02C-3469, AS-11DC-1922 আৰু AS-07C-7841 নম্বৰৰ ৩ খন ডাম্পাৰে বিহালীৰ বৰজাৰণিৰ দুই বনদস্যু মোবাৰক আলি আৰু মোজাহিদ আলিয়ে বৰগাং অঞ্চলৰ IBI আৰু TAJ নামৰ ইটাভাটাত মাইনিং অৰ্ডাৰহীনভাৱে কৃষিভূমিৰ মাটি সৰবৰাহ কৰি আহিছে ।

অতি আশ্বৰ্যকৰ বিষয়টো হ'ল-বিহালীৰ বৰজাৰণিৰ দুই বনদস্যুই বৰগাঙৰ ইটাভাটাত অবৈধভাৱে মাটি যোগান ধৰাৰ বিষয়টো বৰগাং বন বিভাগৰ বিষয়াক অৱগত কৰাৰ পিছতো বিভাগে কোনো ধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে বৰগাং ট্ৰেক্টৰ মালিক সন্থাই ৷ উল্লেখ্য যে,বিহালীৰ বৰগাঙ বন বিভাগে বেআইনীভাৱে মাটি সৰবৰাহ কৰা চক্ৰটোৰ বিৰুদ্ধে কোনো পদক্ষেপ হাতত নোলোৱাত বৰগাং ট্ৰেক্টৰ সন্থাই উপায়ন্তৰহৈ মংগলবাৰে বৰগাং আৰক্ষী চকীৰ সন্মুখৰ পৰা ৩খনকৈ ডাম্পাৰ জব্দ কৰি বৰগাং বনাঞ্চলিক বিভাগক গতাই দিয়ে ৷

গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যিসময়ত ৰাজ্যত আৰক্ষীৰ গুৰি পৰুৱা এটাও সৰকি যাব নোৱাৰা নিছিদ্ৰ পহৰাৰ প্ৰকোপ সেইসময়ত খোদ ২খন আৰক্ষী থানাৰ সন্মুখেদি দিনে-ৰাতিয়ে নথি-পত্ৰবিহীন ডাম্পাৰে বে-আইনীভাৱে মাটি সৰবৰাহ কৰি আহিছে ৷ আনহাতে,ভাৰত চৰকাৰৰ দ্বাৰা অনুমোদিত M-Parivahanৰ তথ্যমতে বিহালীৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত বৰজাৰণিৰ দুই বনদস্যুই অবৈধ্যভাৱে মাটি সৰবৰাহ কৰা ডাম্পাৰ নম্বৰ AS-02C-3469 বাহনখনৰ ফিটনেছ, টেক্স, ইঞ্চুৰেঞ্চ, পলিউচন আদিৰ ম্যাদ ইতিমধ্যে উকলি গৈছে ।

একেদৰে AS-11DC-1922 বাহনখনৰো টেক্স আৰু পলিউচনৰ ম্যাদ ইতিমধ্যে উকলি গৈছে। আনহাতে AS-07C-7841 নম্বৰৰ ডাম্পাৰখনৰো ফিটনেছ, টেক্স, ইঞ্চুৰেঞ্চ আৰু পলিউচনৰ ম্যাদ ইতিমধ্যে উকলি গৈছে ৷

বৰগাং ট্ৰেক্টৰ সন্থাই বন বিভাগক চমজাই দিয়া নথি-পত্ৰহীন ৩ খন ডাম্পাৰৰ বিৰুদ্ধে বিশ্বনাথ পৰিবহন বিভাগে যান-বাহন আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷ লগতে বৰগাং বন বিভাগে অবৈধ্য মাটি সৰবৰাহৰ বিষয়টো সন্দৰ্ভত AMCCআইন অনুসৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি নথিপত্ৰবিহীন ডাম্পাৰ কেইখন পৰিবহন বিভাগক হস্তান্তৰ কৰিৱলৈ দাবী তুলিছে ৷ অৱশ্যে বৰগাং বন বিভাগে বিহালীৰ জিনজিয়াৰ দুই বনদস্যুৰ নথি-পত্ৰহীন ডাম্পাৰ ৩ খন পৰিবহন বিভাগক গতাই দিয়ে নে নিদিয়ে সময়তহে স্পষ্ট হ'ব বুলি উল্লেখ কৰে।

বিহালীত দুই বনদস্যুৰ সন্ত্ৰাস : ধৃতৰাষ্ট্ৰৰ ভূমিকাত বৰগাং আৰক্ষী-বন বিভাগ
ন্যায় বিচাৰি যোৱা মহিলাক অধিবক্তাই সোধালে প্ৰচণ্ড ঘোচা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in