/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/7580a34a-e90e-4f09-afb5-dcaf829174b1/GOGAMUKH 19.jpg)
গোগামুখৰ ৰূপহী জলপ্ৰপাতত গা ধুবলৈ গৈ সন্ধানহীন দুজন...
ৰাজ্যত এটাৰ পাছত এটাকৈ পুখুৰী, নৈত গা ধুবলৈ গৈ সন্ধানহীন হোৱাৰ খবৰ।
এইবাৰ গোগামুখত গা ধুবলৈ গৈ সন্ধানহীন দুজন।
গোগামুখৰ ৰূপহী জলপ্ৰপাতত গা ধুবলৈ গৈ সন্ধানহীন হৈছে যুৱক দুজন।
গোগামুখৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ নিলগত এই জলপ্ৰপাত।
প্ৰচণ্ডৰ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা এই জলপ্ৰপাতত এই কেইদিন হৈছিল ভিৰ।
আজিও গা ধুবলৈ গৈছিল বহু লোক।
তাৰ মাজতে সন্ধানহীন হ'ল দুজনকৈ যুৱক।
সন্ধানহীন দুই যুৱক ক্ৰমে গোগামুখৰ গোলাপ পেগু আৰু নামচাইৰ লংলেট লাওচা।
দুয়োৰে উদ্ধাৰ অভিযানত নামি পৰিছে এছ ডি আৰ এফ।
এতিয়াও সন্ধান নাই দুই যুৱকৰ।
পূৰ্বেও এই জলপ্ৰপাতত সন্ধানহীন হৈছিল যুৱক।
Also Read: মৰিগাঁও POCSO আদালতে নাবালক নিৰ্যাতনকাৰী ইমামক দিলে ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড...