/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/540cff97-be31-49ad-beec-ff74fe5bb1c8/MORIGAON 19.jpg)
মৰিগাঁও POCSO আদালতে নাবালক নিৰ্যাতনকাৰী ইমামক দিলে ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড...
ডিজিটেল সংবাদ মৰিগাওঁঃ পবিত্ৰ মছজিদৰ ইমামৰ দৰে গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈয়ো এটি নাবালক (ল'ৰা) শিশুক যৌন নিৰ্যাতন কৰাৰ জঘন্যতম ঘটনাত জড়িত থকাৰ তথ্য প্ৰমাণ লাভ কৰাত আজি মৰিগাঁও জিলা অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ তথা পকচ' আদালতৰ বিশেষ ন্যায়াধীশে মৰিগাঁও জিলাৰ এগৰাকী ইমামক ২০ বছৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি মৰিগাঁও জিলাৰ দক্ষিণ বালিদোঙা ৰহমানিয়া জামে মছজিদৰ ইমাম মঞ্জিল ইছলামৰ বিৰুদ্ধে মৰিগাঁও জিলাত ভূৰাগাঁও আৰক্ষী থানাত যোৱা ২০২৩ চনৰ ২৫ মাৰ্চ তাৰিখে এটি নাবালকক ধৰ্ষণ কৰাৰ দৰে গুৰুত্বপূৰ্ণ অভিযোগৰ এক গোচৰ ৰুজু হৈছিল। উক্ত গোচৰৰ তাৎক্ষণিকভাৱে তদন্ত কৰি ভূৰাগাঁও আৰক্ষীয়ে লম্পট চৰিত্ৰৰ ইমাম মঞ্জিল ইছলামক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল।
মৰিগাঁও ভূৰাগাঁও থানাত পঞ্জীয়ন হোৱা গোচৰ নং ৩৯/২০২৩ আৰু পছক' গোচৰ ৬৯/২০২৩ ক্ষীপ্ৰতাৰে বিচাৰ কৰি তথ্য প্ৰমাণৰ ভিত্তিত পছক' আদালতৰ বিশেষ ন্যায়াধীশে ইমাম মঞ্জিল ইছলামক দোষী সাব্যস্ত কৰে আৰু পছক' আইনৰ অধীনত ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে ১০ হাজাৰ টকা জৰিমনা বিহে।
Also Read: টি-২০ বিশ্বকাপত লোকচানঃ চেম্পিয়নছ ট্ৰফীত ৰিক্স নলয় ICC য়ে, ভাৰতৰ ওপৰতে সকলো নিৰ্ভৰ...