/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/f01d99ee-0707-43df-902d-730b2cdf62b3/DHEMAJI_23.jpg)
একে নিশাই ৮ খন দোকান চাফাই কৰা দুই চোৰক গ্ৰেপ্তাৰ...
ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি আৰক্ষী থানাৰ অন্তৰ্গত ঘূগুহাত কিছুদিনৰ পূৰ্বেৱ একেদিনাই আঠখন দোকানত চোৰে লুটি নিয়া ঘটনাৰ পম খেদি ধেমাজি আৰক্ষীয়ে সোমবাৰে প্ৰবীন ফুকন(৩৫) আৰু দিগন্ত গোহাঁই (৪৩) নামৰ দুই চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে এখন স্কুটি, এখন খুকুৰি, এদাল চোৰ কৰিবলৈ ব্যৱহাৰ কৰা ৰডকে ধৰি নগদ ৯,৯৩০ টকা উদ্ধাৰ কৰে৷ উল্লেখ্য যে যোৱা ১০ জানুৱাৰীত ধেমাজি আৰক্ষী থানাৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ নিলগৰ ঘূগুহা তিনিআলিত নতুনকৈ নিৰ্মাণ কৰা পূৰবী ষ্টোৰ নামৰ কাপোৰৰ দোকানখনৰ স্বতাধিকাৰী দিগন্ত গগৈৰ দোকানত চোৰে লুটপাত কৰি টৰ্চ মুগাৰ মেখেলাকে ধৰি প্ৰায় দোকানখনৰ চাৰি লাখ টকা মূল্যৰ কাপোৰ লৈ যায় ৷
একেদৰে কল্যান গগৈৰ কম্পিউটাৰ দোকান আৰু এটা এ টি এমো লুটপাত কৰাৰ লগতে প্ৰণৱ গগৈৰ ফাৰ্নিচাৰ, ডাঃ শিৱ গগৈৰ ফাৰ্মাচী, হৰিনাৰায়ন গগৈ, ত্ৰৈলোক্য বৰুৱা,বাবু গগৈৰ দোকানৰ পৰা প্ৰায় ছয় লক্ষাধিক টকাৰ সামগ্ৰী লুট কৰি নিয়াৰ উপৰিও আন বহু সামগ্ৰীৰ লণ্ডভণ্ড কৰি পেলাই থৈ যায় ৷ এই দোকান কেইখন চোৰ হোৱা কেইদিনমান পূৰ্বেও তৰুণ গগৈ নামৰ লোকজনৰ ঘৰতো দিনদুপৰতে চোৰে তাণ্ডৱ চলাই লোকজনৰ ঘৰৰ পৰা দুটা সোণৰ মুদ্ৰা, চাৰিটা ৰূপৰ মুদ্ৰা, ৬৫ হাজাৰ মূল্যৰ এটা সোণৰ আঙঠি, ২০ খন ভেজালবিহীন মুগা মেখেলা, পাছঁখন ৰিহাৰসৈতে প্ৰায় চাৰি লক্ষাধিক টকাৰ মূল্যৰ সামগ্ৰীলৈ চোৰ উধাও হয় ৷
অঞ্চলটোত চোৰৰ এনে সন্ত্ৰাসত ৰাইজে চিন্তিত হৈ পৰা লগতে অতিশীঘ্ৰেই ব্যৱস্থা ল'বলৈ আৰক্ষীক সুকীয়া- সুকীয়াকৈ গোচৰ দাখিল কৰিছিল ৷ ইয়াৰ পাছতে দুই চোৰক গ্ৰেপ্তাৰ কৰাত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে।
Also Read: আন্ধেৰীঘাটত শিক্ষক, শিক্ষাৰ্থীক 'প্ৰতিশ্ৰুতি'ৰ সম্বৰ্ধনা...