/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/b62735ca-516a-460a-8c5e-ace56626f5ba/86.jpg)
ডিজিটেল সংবাদ,ধেমাজি : অহা ১৯ এপ্ৰিলত অসমত অনুষ্ঠিত হ'ব লগা প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনকলৈ ধেমাজি জিলা প্ৰশাসন তথা নিৰ্বাচনী বিভাগে তৎপৰ হৈ পৰিছে ৷ মঙ্গলবাৰে জিলা নিৰ্বাচনী বিভাগৰ উদ্যোগত ধেমাজি মহাবিদ্যালয়ত ধেমাজি আৰু চিচিবৰগাঁও বিধানসভা সমষ্টিৰ মুঠ ৩৯৩ টা ভোটগ্ৰহণ কেন্দ্ৰৰ প'লিং আৰু প্ৰিজাইডিং বিষয়াসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/1258f8d5-a34e-400e-9e08-e3123ae64080/47f70468_9951_4aaf_9770_ef43c0f844a2.jpg)
প্ৰশিক্ষণ অনুষ্ঠানৰ শুভাৰম্ভ কৰে ধেমাজি জিলা আয়ুক্ত অংকৰ ভৰালীয়ে ৷ জিলা উন্নয়ন আয়ুক্ত বিশ্বিৎ ফুকনে আঁত ধৰা প্ৰশিক্ষণত জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত ড° সঞ্জীৱ ফুকনকে ধৰি বহুকেইগৰাকী বিষয়া কৰ্মচাৰীয়ে উপস্থিত থাকে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/2cf97cfb-ea67-4528-8c32-127147d715e9/e3e4dda9_3475_487b_b56e_f27f037533f2.jpg)
Also Read: ৰক্ষকে ভক্ষক ! আৰক্ষী বিষয়াৰ বিৰুদ্ধে বনকৰা কিশোৰীক নিৰ্যাতনৰ অভিযোগ