/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/cf217380-9ccf-417d-bb6e-0b73050a1b7f/tmpk_18.jpg)
চিলাপথাৰত TMPK,MMK,TMMK'ৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন...
ডিজিটেল সংবাদ চিলাপথাৰঃ মিচিং জাতীয় সংগঠন টি এম পিকে,টি এম এম কে আৰু এম এম কেৰ ডিমৌ আঞ্চলিক সমিতিৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশনখনি দিনজোৰা কাৰ্যসূচীৰে দিজমুৰ মিচিং কৃষ্টি ভৱনত বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যায়। পৰিৱেশ নিকাকৰণ বৃক্ষৰোপণৰে আৰম্ভ হোৱা কাৰ্যসূচীত তিনিওখন আঞ্চলিক সমিতিৰ পতাকা উত্তোলনৰ পাছত শ্বহীদ তৰ্পণ কৰা হয়।
মিচিংসকলৰ ৰাজনৈতিক অধিকাৰ প্ৰাপ্তিৰ বাবে গ্ৰহণ কৰি অহা সংগ্ৰামৰ লগতে মিচিংসকলৰ সামাজিক,শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত লৈ অহা বলিষ্ঠ ভূমিকাৰ ওপৰত আলোকপাত কৰা হয় অনুষ্ঠিত মুকলি সভাত। লগতে যুৱ চামক কৃষি কৰ্মৰ জৰিয়তে বিজ্ঞানসন্মত আৰু নতুন কৃষি পদ্ধতি অৱলম্বন কৰি কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱা, সেউজ বিপ্লৱ গঢ়ি তোলাৰ ওপৰতো আলোচনা হয়।
অনুষ্ঠানত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শতাধিক কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়। শেষত অনুষ্ঠিত প্ৰতিনিধি সভাত তিনিওখন আঞ্চলিক সমিতিৰ পৃথকে পৃথকে নতুন সমিতি গঠন কৰা হয়।
Also Read: ধোনীৰ হ'ব পাৰে অন্তিম মেচঃ প্লে' অফ খেলিবলৈ RCB ৰ সন্মুখত জটিল অংক...