চিলাপথাৰত চিলনী চোৰৰ অতপালি :দুজনক আটক

চিলাপথাৰত চিলনী চোৰৰ অতপালি :দুজনক আটক

author-image
Asomiya Pratidin
New Update
চিলাপথাৰত চিলনী চোৰৰ অতপালি :দুজনক আটক

ডিজিটেল সংবাদ,চিলাপথাৰ : চিলাপথাৰত অব্যাহত আছে চিলনী চোৰৰ সন্ত্ৰাস। মঙলবাৰে চিলাপথাৰ নগৰত দুষ্কৰ্য্য সংঘটিত কৰি আৰক্ষী জালত পৰে দুই চিলনী চোৰ।

Advertisment

ঘটনা অনুসৰি অমৰজ্যোতি দলে নামৰ লোকজনে মঙলবাৰে দুপৰীয়া স্থানীয় ষ্টেট বেংকৰ নিজা একাউণ্টৰ পৰা উলিয়াই নিছিল ২লাখ ৫৯ হাজাৰ টকা। উক্ত টকালৈ ষ্টেচনাৰী দোকানত কিবা কিনিবলৈ প্ৰবেশ কৰা মুহূৰ্ত্ততে চোৰে লোকজনৰ গালৈ খজুৱতি ধৰা দ্ৰব্য ছটিয়াই দিয়ে।

লোকজনে ঘটনাটোক লৈ ব্যস্ত থকাৰ সময়তে সুযোগৰ অপেক্ষাত থকা চিলনী চোৰে সমুদায় টকা থপিয়াই উধাও হয়। বুধবাৰে চিলাপথাৰ আৰক্ষীয়ে অভিযান চলাই এঠাইত আত্মগোপন কৰি থকা অৱস্থাত ৰিচি শ্বাহ (৪৫) আৰু গৌতম দাস (৪৭) নামৰ দুটা চোৰক কৰায়ত্ত কৰে ।

আৰক্ষীয়ে জনোৱা অনুসৰি দুয়োৰে ঘৰ পশ্চিমবঙ্গৰ কোচবিহাৰত। ধৃত যুৱকদ্বয়ৰ পৰা নগদ ৫০ হেজাৰ টকা উদ্ধাৰ কৰে আৰক্ষীয়ে। অঞ্চলটোত সংঘনে সংগটিত হৈ থকা এনে ঘটনাৰ অন্তৰালত  বৃহৎ চোৰৰ গেং জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

Also Read: টি-২০ বিশ্বকাপ : নিউয়ৰ্কৰ পৰিৱেশত ভাৰতীয় দলৰ অনুশীলন

silapathar