ধেমাজিত চাঞ্চল্যকৰ ডকাইটি কাণ্ড...

মঙ্গলবাৰে পুৱতি নিশা ধেমাজি সদৰ আৰক্ষী থানাৰ পৰা প্ৰায় আহৈ কিলোমিটাৰ নিলগৰ তেলিজানস্থিত মুংচ্যাং হোটেলৰ সন্মুখত ৰাষ্ট্ৰীয় ঘাইপথত চিলভাৰ কালাৰৰ এখন এল্ট গাড়ীত আহি তিনি ডকাইতে ট্ৰাকৰ সন্মুখৰ গ্লাছ কাটি লুটি নিলে নগদ ধন আৰু মোবাইল ফোনও ৷ সমগ্ৰ ঘটনা বন্দী হৈছে চিচি টিভিৰ কেমেৰাত ৷

author-image
Asomiya Pratidin
New Update
ধেমাজিত চাঞ্চল্যকৰ ডকাইটি কাণ্ড...

ডিজিটেল সংবাদ, ধেমাজিঃ মঙ্গলবাৰে পুৱতি নিশা ধেমাজি সদৰ আৰক্ষী থানাৰ পৰা প্ৰায় আহৈ কিলোমিটাৰ নিলগৰ তেলিজানস্থিত মুংচ্যাং হোটেলৰ সন্মুখত ৰাষ্ট্ৰীয় ঘাইপথত চিলভাৰ কালাৰৰ এখন এল্ট গাড়ীত আহি তিনি ডকাইতে ট্ৰাকৰ সন্মুখৰ গ্লাছ কাটি লুটি নিলে নগদ ধন আৰু মোবাইল ফোনও ৷ সমগ্ৰ ঘটনা বন্দী হৈছে চিচি টিভিৰ কেমেৰাত ৷

Advertisment

জানিব পৰা মতে নিশা ট্ৰাকত শুই থকা অৱস্থাত ট্ৰাকৰ ড্ৰাইভাৰ, হেণ্ডিমেনৰ চকুৱে মুখে স্প্ৰে মাৰি লুটি লৈ গ’ল নগদ দহ হেজাৰ টকা আৰু মোবাইল ফোন ৷

উত্তৰ প্ৰদেশৰ পৰা জিঅ বেগ কঢ়িয়াই আনিছিল ট্ৰাকখনে ৷ ধেমাজি নগৰৰ ৰাষ্ট্ৰীয় ঘাইপথত এই চাঞ্চল্যকৰ ডকাইটি কাণ্ডই স্তম্ভিত কৰি তুলিছে সচেতন মহলক ৷

উল্লেখ্য যে ঘটনাৰ সম্পৰ্কে ইতিমধ্যে ধেমাজি সদৰ আৰক্ষীয়ে তদন্ত অবাহত ৰাখিছে যদিও আৰক্ষীয়ে জনোৱা অনুসৰি বৰ্তমানলৈকে কোনেও থানাত এই পৰ্যন্ত দাখিল কৰা নাই এজেহাৰ ৷

Also Read: হিমন্ত চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিঃ প্ৰতিদিন টাইমৰ "মেগা অপিনিয়ন পোল" চাওঁক...

dhemaji theif case