জলমগ্ন চিকিৎসালয়ঃ বন্দী ৰোগী আৰু চিকিৎসা কৰ্মী...

বৃহত্তৰ চিলাপথাৰ অঞ্চলৰ লক্ষাধিক লোকৰ স্বাস্থ্যক্ষেত্ৰৰ ভৰষা চিলাপথাৰ মডেল চিকিৎসালয় ।

author-image
Asomiya Pratidin
New Update
জলমগ্ন চিকিৎসালয়ঃ বন্দী ৰোগী আৰু চিকিৎসা কৰ্মী...

ডিজিটেল সংবাদ, চিলাপথাৰঃ বৃহত্তৰ চিলাপথাৰ অঞ্চলৰ লক্ষাধিক লোকৰ স্বাস্থ্যক্ষেত্ৰৰ ভৰষা চিলাপথাৰ মডেল চিকিৎসালয় । এই চিকিৎসালয়খন বিগত এটা সপ্তাহে কৃটিম বানৰ কবলত জলমগ্ন হৈ আছে। জলবন্দী হৈ আছে ৰোগী আৰু চিকিৎসা কৰ্মী।

Advertisment

পানীৰ বাবে এম্বুলেন্সৰ পৰা সৰু-বৰ যান-বাহন পৰ্যন্ত প্ৰৱেশ কৰিব পৰা নাই চিকিৎসালয়খনত। একঁকাল পৰ্যন্ত পানীত নামি চিকিৎসালয়লৈ গৈছে ৰোগী।

চিকিৎসালয়ৰ প্ৰৱেশদ্বাৰৰ পৰা কৰ্মচাৰীৰ আৱাসলৈক চতুৰ্দিশে মাথো পানী আৰু পানী। বানৰ বাবে চিচিসালয়ৰ কক্ষতে জলবন্দী হৈ আছে বহু ৰোগী । কান্ধত ভাৰ কৰিহে চিকিৎসালয়লৈ লৈ নিব লগা হৈছে গুৰুতৰ ভাৱে ৰোগাক্ৰান্ত সকলক । এটা সপ্তাহে নিজা নিজা আৱাসত আৱদ্ধ হৈ পৰিছে চিকিৎসক আৰু স্বাস্থ্য কৰ্মী সকল।

সাপ আৰু ভেকুলীৰ দৰে জলচৰ প্ৰাণীৰ সৈতে সহাৱস্থান কৰিব লগা হৈছে । পৰিকল্পিত নলা-নৰ্দমা নিৰ্মাণ নকৰাৰ বাবেই চিকিৎসালয় খন এই দুৰৱস্থা হোৱা বুলি খেদ প্ৰকাশ কৰিছে ৰাইজে। শীঘ্ৰে সমস্যাটো সমাধানৰ পদক্ষেপ গ্ৰহণৰ দাবী জনাইছে ভুক্তভোগী ৰাইজে।

Also Read: জাইকাৰ গাফিলতিঃ গুৱাহাটীত পুনৰ ফুটিল পানীৰ পাইপ...

hospital