/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/97bafa15-58e2-4def-9c2f-726d1fe0d051/4.jpg)
ডিজিটেল সংবাদ,ধেমাজিঃ ধেমাজি আৰক্ষী থানাৰ পৰা প্ৰায় ১২ কিলোমিটাৰ নিলগৰ চমৰাজানৰ ৰে'লৱে লাইনৰ ওপৰত বৃহস্পতিবাৰে মুণ্ড বিচ্ছিন্ন ৰূপত এজন অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ হয় ৷
ভৰিত পিন্ধা চেণ্ডেলৰ সৈতে ৰেলৰ চিৰিৰ মাজত মুণ্ড বিচ্ছিন্ন ৰূপত পৰি থকা অৱস্থাত মৃতদেহটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে। এই পৰ্যন্ত যুৱকজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই। বৃহস্পতিবাৰে পুৱা ১১ বজাত ডেকাগাঁৱৰ পৰা মুৰ্কং চেলেকৰ অভিমুখে অহা ৰে'লখনে ঘটনাটো সংঘটিত কৰা বুলি একাংশই সন্দেহ কৰিছে ৷
ইফালে চিলাপথাৰৰ জি আৰ পি অধীনৰ ৰে'লৱে বিভাগৰ আৰক্ষী বিষয়া সুনিল বৰাৰ নেতৃত্বত যোৱা আৰক্ষী দলে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। যদিও প্ৰকৃত তথ্য উদ্ধাৰ কৰিব পৰা নাই ৷ মৃতদেহৰ কোনো পৰিচয় উলিয়াবৰ নোৱাৰি ইতিমধ্যে আৰক্ষীয়ে বিছিন্ন মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰ্তমানেও ধেমাজি অসামৰিক চিকিৎসালয়ত ৭২ ঘন্টাৰ বাবে অপেক্ষাত ৰাখিছে ৷ ৰে'লৱে আৰক্ষীয়ে জনোৱা মতে কোনোৱে যদি মৃতদেহটো চিনি পায় তেন্তে আৰক্ষীক অৱগত কৰিবলৈ অনুৰোধ জনাইছে ৷
Also Read: নগাঁৱৰ বিকানেৰ জেমছ এণ্ড জুৱেলাৰ্ছৰ স্বত্বাধিকাৰীক আটক