নগাঁৱৰ বিকানেৰ জেমছ এণ্ড জুৱেলাৰ্ছৰ স্বত্বাধিকাৰীক আটক

নগাঁৱৰ বিকানেৰ জেমছ এণ্ড জুৱেলাৰ্ছৰ স্বত্বাধিকাৰীক আটক

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ বিকানেৰ জেমছ এণ্ড জুৱেলাৰ্ছৰ স্বত্বাধিকাৰীক আটক

ডিজিটেল সংবাদ,নগাঁও : ভাৰত চৰকাৰৰ আয়কৰ বিভাগৰ এটি দলে বৃহস্পতিবাৰে নগাঁও মাৰোৱাৰীপট্টিত বিকানেৰ নামৰ জুৱেলাৰী খনত অভিযান চলায়। সোণ,ৰূপৰ লগতে হীৰাৰ গহনা আৰু অলংকাৰৰ আগশাৰীৰ শ্ব’ৰুম বিকানেৰ জেমছ এণ্ড জুৱেলাৰ্ছে কৰ ফাঁকি দিয়াৰ অভিযোগৰ ভিত্তিত অভিযান চলোৱা হয়।

Advertisment

অভিযানৰ সময়ত আভিযানকাৰী দলটোৱে শ্ব’ৰুমৰ সকলো কৰ সম্পৰ্কীয় নথি-পত্ৰ পৰীক্ষা কৰে। অভিযানৰ পিছত বিকানেৰ জেমছ এণ্ড জুৱেলাৰ্ছৰ স্বত্বাধিকাৰী ৰাম অৱতাৰ মনিহাৰক আটক কৰি গুৱাহাটীলৈ লৈ যায় বুলি জানিব পৰা গৈছে ।

nagaon Gems and Jewelers in Bikaner