ধেমাজি প্ৰাথমিক শিক্ষা খণ্ডৰ কাৰ্য্যালয়ৰ সন্মুখত শিক্ষক সমাজৰ ধৰ্ণা কাৰ্য্যসূচী

ধেমাজি প্ৰাথমিক শিক্ষা খণ্ডৰ কাৰ্য্যালয়ৰ সন্মুখত শিক্ষক সমাজৰ ধৰ্ণা কাৰ্য্যসূচী

author-image
Asomiya Pratidin
New Update
ধেমাজি প্ৰাথমিক শিক্ষা খণ্ডৰ কাৰ্য্যালয়ৰ সন্মুখত শিক্ষক সমাজৰ ধৰ্ণা কাৰ্য্যসূচী

ডিজিটেল সংবাদ, ধেমাজি: ঠিকাভিত্তিক টেট উত্তীৰ্ণ শিক্ষক সকলৰ চাকৰি নিয়মীয়াকৰণৰ নামত নতুন নিযুক্তি তথা নতুন দৰমহা গাঁথনি প্ৰদান কৰা হ'ব বুলি অলপতে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে কৰা মন্তব্যৰ প্ৰতিবাদত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে সমগ্ৰ ৰাজ্যখনতে কাৰ্য্যসূচীৰ গ্ৰহন কৰাৰ সমান্তৰালকৈ ধেমাজিতো ধেমাজি খণ্ড প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ কৰ্মচাৰীয়ে হাতে- হাতে বেনাৰ, পোষ্টাৰ, প্লে'কাৰ্ড লৈ প্ৰায় ২ শতাধিক শিক্ষক-কৰ্মচাৰী প্ৰতিবাদকাৰীয়ে বুধবাৰে দুপৰীয়া ১২ পৰা বিয়লি ২ বজালৈকে ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰে৷

Advertisment

কাৰ্য্যসূচীৰ অন্তত প্ৰতিবাদস্থলীতে এখন প্ৰতিবাদী সভাও অনুষ্ঠিত কৰি প্ৰতিবাদকাৰীসকলে ক্ষোভেৰে কয় যে, বিগত ১০-১১ বছৰে সেৱা আগবঢ়োৱা শিক্ষক সকলে সংশুদ্ধিত নিৰিখত(আৰ. অ.পি) বিধিমতে দৰমহা লাভ কৰি আহিছে ৷ কিন্ত এনেদৰে শিক্ষামন্ত্ৰী গৰাকীয়ে হঠাতে আনুষ্ঠানিকভাৱে আগবঢ়োৱা ঘোষনাই শিক্ষকসকলৰ জ্যেষ্ঠতা, আৰ্থিক আৰু মানসিক দিশত যথেষ্ট ক্ষতি কৰিব বুলি শিক্ষক সকলে দাবী কৰিছে ৷

সেইয়ে প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ ভবিষ্যতে বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণৰ দাবীৰে এই আন্দোলন তীব্ৰতৰ কৰি তুলিব বুলি হুংকাৰ দিয়ে ৷ প্ৰতিবাদী সভাত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ ধেমাজি জিলা সমিতিৰ সভাপতি হৰিপ্ৰসাদ বৰগোহাঁই, কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক জ্যোতিষ গগৈ, কেন্দ্ৰীয় সমিতিৰ ক্ৰীয়া সম্পাদক প্ৰাঞ্জল চাংমাই, সন্মিলিত শিক্ষক মঞ্চৰ ধেমাজিৰ সম্পাদক পৰাগজ্যোতি গগৈ, ধেমাজি জিলা প্ৰাথমিক সন্মিলনীৰ মুখ্য উপদেষ্টা উমেশ পাদন আৰু জিলা সমিতিৰ সভাপতি ধীৰেন গগৈয়ে বক্তব্য ৰাখে ৷ শেষত প্ৰতিবাদকাৰীসকলে ধেমাজি খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷

Also Read: কৰ দি মৰ !

dhemaji