শিক্ষাবিদ টাকাব চন্দ্ৰ মেদকৰ স্মৃতিচাৰণ সভা

শিক্ষাবিদ টাকাব চন্দ্ৰ মেদকৰ স্মৃতিচাৰণ সভা

author-image
Asomiya Pratidin
New Update
শিক্ষাবিদ টাকাব চন্দ্ৰ মেদকৰ স্মৃতিচাৰণ সভা

ডিজিটেল সংবাদ, জোনাই: ঐতিহ্যমণ্ডিত জোনাই-মুৰ্কংচেলেক অঞ্চলৰ শিক্ষাৰ বাটকটীয়া বিশিষ্ট শিক্ষাবিদ তথা জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ টাকাব চন্দ্ৰ মেদকদেৱৰ ২৩ মৃত্যু বার্ষিকী আৰু স্মৃতিচাৰণ সভা এখন বৃহস্পতিবাৰে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয়। টাকাব চন্দ্ৰ মেদক স্মৃতি ন্যাসৰ উদ্যোগত আয়োজন কৰা উক্ত অনুষ্ঠানৰ কাৰ্যসূচীমতে পুৱাৰ ভাগত টাকাব চন্দ্ৰ মেদকদেৱৰ প্ৰতিমূৰ্তিত যজ্ঞেশ্বৰ মেদক আৰু জন্মেশ্বৰ মেদকৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। বন্তি প্ৰজ্বলনৰ পিছত বিজয়পুৰ শাখা দ:ঞি-প:ল য়েলাম কেবাং, ফাগুনী মেদক সোঁৱৰণী বিদ্যা নিকেতন আৰু জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী দ্বাৰা প্ৰাৰ্থনা পৰিৱেশন কৰা হয়।

Advertisment

ইয়াৰ পিছত টাকাব চন্দ্ৰ মেদক স্মৃতি ন্যাসৰ সভাপতি তথা জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰাজেশ্বৰ পেগুৰ সভাপতিত্বত অনুষ্ঠিত হোৱা স্মৃতিচাৰণ আৰু সম্বৰ্ধনা সভা উদ্বোধন কৰে জোনাই মহকুমাধিপতি শান্তনু গগৈয়ে। শিক্ষয়িত্ৰী অঞ্জনা টায়ুং শইকীয়াই আঁত ধৰা সভাত উদ্বোধনী ভাষণত মহকুমাধিপতি শান্তনু গগৈয়ে টাকাব চন্দ্ৰ মেদক স্মৃতি ন্যাসে মহান শিক্ষাবিদ টাকাব চন্দ্ৰ মেদক জীৱন আদৰ্শ আৰু কৰ্মৰাজিক প্ৰচাৰ আৰু প্ৰসাৰে নতুন প্ৰজন্মৰ মাজত জীয়াই ৰাখিবলৈ চেষ্টা কৰাক প্ৰশংসা কৰি নতুন প্ৰজন্মক উদ্বুদ্ধ কৰা এনে কাৰ্যসূচী অব্যাহত ৰাখিবলৈ আহ্বান জনায়।

টাকাব চন্দ্র মেদক স্মৃতি ন্যাসৰ সাধাৰণ সম্পাদক ৰয়েল পেগুৱে উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা সভাত ন্যাসৰ মুখ্য পৃষ্ঠপোষক হৰিপ্ৰসাদ মিলিয়ে আদৰণি ভাষণ প্ৰদান কৰে। সভাত উত্তৰ লখিমপুৰ মহাবিদ্যালয় ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড কমলা বৰিয়ে 'টাকাব চন্দ্ৰ মেদকৰ শিক্ষা আৰু কৰ্মজীৱনৰ মূল্যায়ন 'বিষয়ৰ ওপৰত বক্তব্য প্ৰদান কৰি মহান শিক্ষাবিদ টাকাব চন্দ্ৰ মেদক এগৰাকী সু- প্ৰশাসক আৰু জোনাই-মুৰ্কংচেলেক অঞ্চলৰ শিক্ষাৰ বাটকটীয়া প্ৰবাদ পুৰুষ বুলি মন্তব্য কৰে।

সভাত বিশিষ্ট অতিথি হিচাপে অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক ডা: জীৱন চন্দ্ৰ দলে, মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ড হৰকান্ত পেগু, সাংস্কৃতিক সঞ্চালকালয় অসমৰ অৱসৰ প্ৰাপ্ত উপ-সঞ্চালক ড° পবিত্ৰ কুমাৰ পেগু, মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক কুমাৰ দলে, জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰাণজিৎ পেগু, ন্যাসৰ পৃষ্ঠপোষক শান্তনু মেদক, জোনাই মহকুমা জ্যেষ্ঠ নাগৰিক ৰাসেশ্বৰ পায়েং, জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অবসৰপ্ৰপ্ত অধ্যক্ষ প্ৰতাপ চন্দ্ৰ পাৱ, জন্মেজয় আগৰৱালা, এছ বি আই জোনাই শাখাৰ প্ৰবন্ধক পোনৰাম কুটুম, গজেন্দ্ৰ মেদক আদি বহু গণ্যমান্য ব্যক্তি, শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে উপস্থিত থাকে।

ইপিনে সভাত কৰ্ণাটক সুৰাথকলৰ এন আই টিত অধ্যয়নৰত কৃতী শিক্ষাৰ্থী ধ্ৰুৱজ্যোতি মেদকক শিক্ষাবিদ টাকাব চন্দ্ৰ মেদক সোঁৱৰণী কৃতী ছাত্ৰ বঁটা প্ৰদান কৰা হয়। বঁটাৰ সৈতে নগদ বিশ হাজাৰ টকা, প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জনোৱা হ'য়। সভাত শিক্ষা আৰু সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়োৱাৰ বাবে চমকং মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰধান শিক্ষক জীৱন চন্দ্ৰ পামেক আৰু ডেকাপাম মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মাণিক পাতিৰক প্ৰশস্তি পত্ৰ আৰু ফুলাম গামোচাৰে বিশেষ সম্বৰ্ধনা জনোৱা হ'য়। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই টাকাব চন্দ্ৰ মেদক স্মৃতি ন্যাসৰ সদস্য বিজয় বৰিয়ে।

Also Read: অসম আন্দোলনৰ ফলশ্ৰুতিত স্থাপন হোৱা ধিঙৰ 'চেকক্ৰাফ্ট' উদ্যোগৰো মাটি ৰামদেৱৰ দখলত

টাকাব চন্দ্ৰ মেদক