ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত টাই-আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত টাই-আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত টাই-আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ডিজিটেল সংবাদ,ধেমাজি : টাই-আহোম জনগোষ্ঠীক অতি শীঘ্ৰেই জনজাতি মৰ্যাদা প্ৰদান কৰা আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা দাবীত টাই-আহোম ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী গঢ়ি ৰূপায়ন কৰে। ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত শুকুবাৰে পুৱা ১১ বজাৰ পৰা বিয়লি ১ বজালৈকে সদৌ টাই-আহোম ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতি (আটাছু)য়ে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

Advertisment

সন্থাৰ প্ৰায় ২শতাধিক কৰ্মীয়ে হাতে হাতে বেনাৰ,পোষ্টাৰ আৰু প্লে'কাৰ্ড লৈ টাই-আহোম জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতি মৰ্যদা প্ৰদান কৰা,NO ST NO REST, ST OUR Legal DEMAND,আটাছু জিন্দাবাদ,মূল্যবৃদ্ধি ৰোধ কৰক ইত্যাদি শ্ল'গানেৰে ধেমাজি নগৰ উত্তাল কৰি তোলে। কাৰ্যসূচীৰ অন্তত প্ৰতিবাদীকাৰীসকলে এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে ৷

সন্থাৰ সভাপতি বাবুল বুঢ়াগোহাঁইৰ পৰিচালনাত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত সদৌ টাই-আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মনোজ গগৈ আৰু মুখ্য উপদেষ্টা দুলাল বৰুৱাই অংগ্ৰহণ কৰে। তেওঁলোকে কয় যে, বিগত ৩৫ বছৰে সদৌ টাই- আহোম ছাত্ৰ সন্থাই আহোম জনগোষ্ঠীটোৰ জনজাতিকৰণৰ মৰ্যাদা বিচাৰি আন্দোলন কৰি অহা পিছতো চৰকাৰসমূহে জাতিটোক জনজাতিকৰণ দিয়া নামত কেৱল প্ৰতাৰণাৰ কৰি আহিছে ৷

বিগত 'কা' আন্দোলনৰ সময়তো বিজেপি চৰকাৰখনে ৬ জনগোষ্ঠীটোক জনজাতিকৰণ কৰিব বুলি ৰাজ্যসভাত উথাপন কৰা বিধেয়কখন কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ এখন নাটকহে আছিল নেকি বুলি নেতৃত্বদ্বয়ে প্ৰশ্ন কৰে। তেওঁলোকে বিজেপি চৰকাৰখনে এনে ভেকোভাওনা বিধেয়কখন ঘোষণাৰ জৰিয়তে ৬জনগোষ্ঠীসমূহক চূড়ান্তভাৱে অপমানিত কৰা হৈছে বুলি অভিযোগ উথাপন কৰে ৷

ইফালে আটাছুৰ কেন্দ্ৰীয় নেতৃত্বদ্বয়ে জনজাতিকৰণৰ নামত আহোম জনগোষ্ঠীৰ লগত ধেমালি নকৰিবলৈ চৰকাৰলৈ সকিয়নি দিয়ে ৷ সদৌ টাই-আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশক্ৰমে প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচীত আকাশলংঘী মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক কোঙা কৰি পেলোৱা বিজেপি চৰকাৰখনক শীঘ্ৰে মূল্যবৃদ্ধি ৰোধৰ ব্যৱস্থা ল’বলৈ দাবী জনায় ৷

Also Read: সদৌ অসম ছোৱালী আন্তঃজিলা ফুটবল প্ৰতিযোগিতাত লখিমপুৰ চেম্পিয়ন

Dhemaji District Commissioner Tai-Ahom Students Union