সদৌ অসম ছোৱালী আন্তঃজিলা ফুটবল প্ৰতিযোগিতাত লখিমপুৰ চেম্পিয়ন

সদৌ অসম ছোৱালী আন্তঃজিলা ফুটবল প্ৰতিযোগিতাত লখিমপুৰ চেম্পিয়ন

author-image
Asomiya Pratidin
New Update
সদৌ অসম ছোৱালী আন্তঃজিলা ফুটবল প্ৰতিযোগিতাত লখিমপুৰ চেম্পিয়ন

ডিজিটেল সংবাদ,বিহপুৰীয়া : নৃপেন্দ্ৰ নাৰায়ণ সিন্হা সদৌ অসম ছোৱালী আন্তঃজিলা ফুটবল প্ৰতিযোগিতাৰ চেম্পিয়ন দল লখিমপুৰৰ লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দলটিক শুকুৰবাৰে বিদ্যালয়ত সম্বৰ্দ্ধনা জনোৱা হয়। লগতে চেম্পিয়ন দলটিৰ খেলুৱৈসকলক লৈ বিহপুৰীয়া নগৰত এক শোভাযাত্ৰা উলিওৱা হয় ৷

Advertisment

উল্লেখ্য যে, অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত গুৱাহাটীত উক্ত প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছিল। ১৭ বছৰ অনুৰ্দ্ধৰ প্ৰতিযোগিতাখনিত লখিমপুৰৰ হৈ প্ৰতিনিধিত্ব কৰা লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দলটিক লৈ আজি বিদ্যালয়খনত এক উৎসৱমূখৰ পৰিৱেশ সৃষ্টি হয় ৷

বিদ্যালয়ৰ উপাধ্যক্ষ দিগন্ত নেওগে আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত দলটিৰ খেলুৱৈসকলৰ লগতে প্ৰশিক্ষক মন্টু ঠেঙাল,টিম মেনেজাৰ বুবুল দত্ত আৰু বিদ্যালয়ৰ শাৰীৰিক প্ৰশিক্ষক হৰিশ বৰশইকীয়াক বিদ্যালয় কৰ্তৃপক্ষই সম্বৰ্দ্ধনা জনায় ৷ বিদ্যালয়ৰ অধ্যক্ষ সত্যজিত বৰা,অৱসৰপ্ৰাপ্ত শিক্ষক গোলাপ শইকীয়া আৰু বিহপুৰীয়া প্ৰেছ ক্লাবৰ উপ-সভাপতি নৱজ্যোতি শৰ্মাই দলটিক অভিনন্দন জনায়। ইফালে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হ’ব লগা সুব্ৰত কাপত ফুটবল প্ৰতিযোগিতাত দলটিয়ে সফলতা লাভ কৰিব বুলি আশা প্ৰকাশ কৰে ৷

Also Read: চৰাইপানী গাঁও পঞ্চায়তৰ উদ্যোগত ১০০ গছপুলি ৰোপণ কাৰ্যসূচী

football tournament