অগপৰ চিচিবৰগাঁও বিধান সভা সমষ্টিৰ বিষয়ববীয়াৰ কাৰ্যভাৰ আৰু শপত গ্ৰহণ...

শ্ৰীপানী গাওঁ পঞ্চায়তৰ কাৰ্যালয়ৰ সভাগৃহত এই অনুষ্ঠান
অগপৰ চিচিবৰগাঁও বিধান সভা সমষ্টিৰ বিষয়ববীয়াৰ কাৰ্যভাৰ আৰু শপত গ্ৰহণ...
অগপৰ চিচিবৰগাঁও বিধান সভা সমষ্টিৰ বিষয়ববীয়াৰ কাৰ্যভাৰ আৰু শপত গ্ৰহণ...

ডিজিটেল সংবাদ ধেমাজিঃ অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ অনুসৰি শনিবাৰে চিচিবৰগাঁও বিধান সভা সমষ্টিৰ অসম গণ পৰিষদৰ বিষয়ববীয়াসকলে কাৰ্য্যভাৰ আৰু শপত গ্ৰহণ কৰে ৷ এই উপলক্ষে শনিবাৰে চিচিবৰগাঁও বিধান সভাৰ সমষ্টিটোৰ অন্তৰ্গত শ্ৰীপানী গাওঁ পঞ্চায়তৰ কাৰ্যালয়ৰ সভাগৃহত অগপৰ এখনি সভা অনুষ্ঠিত হয় ৷

অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তুলন কোঁৱৰ, ধেমাজি জিলা সমিতিৰ সভাপতি লক্ষীধৰ শেনচোৱা, অসম মহিলা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভানেত্ৰী প্ৰনিতা গগৈ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক যুগল নেওগ, কেন্দ্ৰীয় ৰাজ্যিক সদস্য ফুলেশ্বৰ ভূঞা ,অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ পিংকু কলিতাৰ উপৰিও অগপৰ ধেমাজি আৰু জোনাই বিধান সভাৰ সমষ্টি সমিতিৰ সভাপতি অজিত দত্ত আৰু কৃষ্ণ দেউৰী উপস্থিত থাকে ৷

সভাত চিচিবৰগাঁও বিধান সভাৰ সমষ্টি সমিতিৰ সভাপতি হৰেন কছাৰী আৰু সম্পাদকত্ৰয় ক্ৰমে তৰুণ ফুকন, মহন্ত নৰহ আৰু অমৃত ভূঞাৰ নেতৃত্বাধীন ৪১ জনীয়া সমিতিখনৰ বিষয়ববীয়াসকলে কাৰ্যভাৰ আৰু শপত বাক্য গ্ৰহণ কৰে ৷ শপত বাক্য পাঠ কৰায় অসম গণ পৰিষদৰ প্ৰকাশ আগৰৱালাই ৷

অগপৰ চিচিবৰগাঁও বিধান সভা সমষ্টিৰ বিষয়ববীয়াৰ কাৰ্যভাৰ আৰু শপত গ্ৰহণ...
বাক্সাৰ পলাশগুৰীত ভাগৱত শোভাযাত্ৰাৰে মাঘী পূৰ্ণিমা উদযাপন..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in