বাক্সাৰ পলাশগুৰীত ভাগৱত শোভাযাত্ৰাৰে মাঘী পূৰ্ণিমা উদযাপন..

একাংশ আছু নেতাই নিজৰ ভোটাৰ কাৰ্ডত ইংৰাজী ভাষাত কিয় স্বাক্ষৰ কৰে বুলি প্ৰশ্ন বিটিচিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসৰ
বাক্সাৰ পলাশগুৰীত ভাগৱত শোভাযাত্ৰাৰে  মাঘী পূৰ্ণিমা উদযাপন..
বাক্সাৰ পলাশগুৰীত ভাগৱত শোভাযাত্ৰাৰে মাঘী পূৰ্ণিমা উদযাপন..

ডিজিটেল সংবাদ বাক্সাঃ আজি মাঘী পূৰ্ণিমা। ভক্তপ্ৰাণ ৰাইজে ঠায়ে ঠায়ে উদযাপন কৰিছে মাঘী পূৰ্ণীমা। অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে বাক্সা জিলাৰ মুছলপুৰৰ ওপৰৰ পলাশগুৰীতো দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰে মাঘী পূৰ্ণীমা।

চতুৰ্থ বাৰ্ষিক ২৫ ঘন্টীয়া মাঘী পূৰ্ণিমাৰ লগত সংগতি ৰাখি অখণ্ড ভাগৱত পাঠ আৰু ভাগৱত শোভাযাত্ৰা‌ কৰে পলাশগুৰীৰ ভক্তপ্ৰাণ ৰাইজে। পুৱা ধৰ্মধ্বজা উত্তোলনৰ পাচত ৰূপায়িত হয় স্মৃতি তৰ্পণ,বন্তি প্ৰজ্বলন ইত্যাদি কাৰ্যসূচী ।

অনুষ্ঠানত উপস্থিত থাকি বিটিচিৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে আধ্যাত্মিক চিন্তা আৰু ধৰ্মীয় অনুষ্ঠানে মানুহৰ মাজত ঐক্য-সংহতি বৃদ্ধি কৰাৰ লগতে যুৱ-প্ৰজন্মৰ মানসিকতা সলনি হোৱাত সহায় কৰে বুলি মন্তব্য কৰে।

ইফালে বাক্সাৰ মুছলপুৰত শুকুৰবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হোৱা কৃষক মেলাৰ ফলকত বড়ো আৰু অসমীয়া ভাষা এলাগী কৰাক লৈ বাক্সা জিলা ছাত্ৰ সন্থাৰ নেতৃত্বই উত্থাপন কৰা অভিযোগ ভুৱা বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিটিচিৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্যগৰাকীয়ে কৃষি মেলাৰ মুখ্যদ্বাৰকে আদি কৰি প্ৰায় ভাগ ফলকত ইংৰাজীৰ লগতে অসমীয়া আৰু বড়ো ভাষা সংলগ্ন কৰা হৈছে বুলি মন্তব্য কৰি আছুৰ একাংশ নেতাই ৰাইজৰ মাজত ভুৱা প্ৰচাৰ কৰি বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিছে বুলি মন্তব্য কৰে ।

তেওঁ লগতে ইংৰাজী ভাষা বিৰোধ কৰা বাক্সা জিলাৰ একাংশ আছু নেতাই নিজৰ ভোটাৰ কাৰ্ডত নিজে ইংৰাজীত কিয় স্বাক্ষৰ কৰে বুলি প্ৰশ্ন তোলে । ইংৰাজী ভাষা বিৰোধ কৰা তেনে আছু নেতাই নিজৰ স্বাক্ষৰ অসমীয়াতে কৰিব লাগিছিল বুলিও মন্তব্য কৰে কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে ।

বাক্সাৰ পলাশগুৰীত ভাগৱত শোভাযাত্ৰাৰে  মাঘী পূৰ্ণিমা উদযাপন..
মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক ধন্যবাদ জনালে মিচিং সাহিত্য সভা আৰু মিচিং জনগোষ্ঠীয় সংগঠন সমূহে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in