বিশিষ্ট সাহিত্যিক-সমাজকৰ্মী সুৰেন্দ্ৰ নাথ বুঢ়াগোহাঁইৰ মৃত্যুত ধেমাজিত শোকৰ ছাঁ...

৮৫ বয়সত সোমবাৰে বিয়লি শেষ নিশ্বাস ত্যাগ কৰে সুৰেন্দ্ৰ নাথ বুঢ়াগোহাঁয়ে
বিশিষ্ট সাহিত্যিক-সমাজকৰ্মী সুৰেন্দ্ৰ নাথ বুঢ়াগোহাঁইৰ মৃত্যুত ধেমাজিত শোকৰ ছাঁ...
বিশিষ্ট সাহিত্যিক-সমাজকৰ্মী সুৰেন্দ্ৰ নাথ বুঢ়াগোহাঁইৰ মৃত্যুত ধেমাজিত শোকৰ ছাঁ...

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি জল সম্পদ বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা বিশিষ্ট সাহিত্যিক, সমাজকৰ্মী সুৰেন্দ্ৰ নাথ বুঢ়াগোহাঁই(৮৫) বয়সত সোমবাৰে বিয়লি ২.৩০ বজাত ধেমাজি মিলন নগৰস্থিত বাসগৃহত বাৰ্ধক্যজনীত কাৰনত তেওঁ মৃত্যু হয় ৷ অতি সহজ সৰল, অমায়িক বুঢ়াগোহাঁই মৃত্যুৰ খবৰে ধেমাজিত শোকৰ ছাঁ পেলাইছে।

জলসম্পদ বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সুৰেন্দ্ৰ নাথ বুঢ়াগোহাঁইয়ে চৰকাৰৰ চাকৰি কৰ্মব্যস্ততাৰ সমান্তৰালকৈ একেধাৰে এগৰাকী কবি, গল্পকাৰ, ব্যংগ লেখক,সাহিত্যিক, তথা সমালোচক হিচাপেও পৰিচিত আছিল ৷ তেওঁৰ ধেমাজি সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক হিচাপে এসময়ত দক্ষতাৰে সেৱা আগবঢ়োৱা বুঢ়াগোহাঁইয়ে ধেমাজিৰ সাহিত্য সংস্কৃতি ক্ষেত্ৰখনৰ সৈত্যে ওতঃপ্ৰোতঃভাৱে জড়িত আছিল ৷

সাহিত্য ক্ষেত্ৰখনৰ লগতে ধেমাজিৰ সমাজ জীৱনৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সতেও আজীৱন জড়িত হৈ সেৱা আগবঢ়াই অহা বুঢ়াগোহাঁইয়ে 'অসমীয়া জনজীৱনত প্ৰচলিত ফকৰা যোজনা সমগ্ৰ’ শীৰ্ষক এখন বৃহৎ কলেৱৰৰ গ্ৰন্থ ৰচনা কৰা উপৰিও আন কেইবাখনো মূল্যবান গ্ৰন্থ লিখি প্ৰকাশ কৰি থৈ গৈছে ৷ ইয়াৰ উপৰিও সাহিত্যিকগৰাকীয়ে বিভিন্ন সময়ত কাকত আৰু আলোচনীত সমসাময়িক প্ৰৱন্ধ পাতি লিখি পৰিচিত হৈছিল ৷

নীৰৱ আৰু প্ৰচাৰ বিমুখ সাহিত্যিকগৰাকীৰ মৃত্যুত সোমবাৰে ধেমাজি সাহিত্য সভা লগতে বিভিন্ন দল, সংগঠন আৰু বিশিষ্ট বক্তিসকলে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জনাইছে। মৃত্যুৰ সময়ত বুঢ়াগোহাঁইয়ে দুগৰাকী পুত্ৰ, বোৱাৰী, জী-জোঁৱাই, আৰু নাতি-নাতিনীকে ধৰি পৰিয়ালৰ এনেকজনক এৰি গৈছে ।

বিশিষ্ট সাহিত্যিক-সমাজকৰ্মী সুৰেন্দ্ৰ নাথ বুঢ়াগোহাঁইৰ মৃত্যুত ধেমাজিত শোকৰ ছাঁ...
জৱাহৰ নবোদয় বিদ্যালয়ত 'কুইজিন-দ্য ব্ৰেইন বুফে"

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in