ফটোগ্ৰাফীত চিলাপথাৰৰ যুৱক সঞ্জয় শীলৰ সাফল্য

ফটোগ্ৰাফীত চিলাপথাৰৰ যুৱক সঞ্জয় শীলৰ সাফল্য

author-image
Asomiya Pratidin
New Update
ফটোগ্ৰাফীত চিলাপথাৰৰ যুৱক সঞ্জয় শীলৰ সাফল্য

ডিজিটেল সংবাদ,চিলাপথাৰ : উত্তৰ পূৰ্বাঞ্চল ভিত্তিত যোৱা ২৭ আগষ্টত আয়োজিত ১১ সংখ্যক ফটো মিউজিয়াম প্ৰতিযোগিতাত সফলতা লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়ালে চিলাপথাৰৰ যুৱক সঞ্জয় ওৰফে সঞ্জু শীলে। গুৱাহাটীস্থ Institute of Engineerৰ প্ৰাঙ্গণত অনুষ্ঠিত প্ৰতিযোগিতাত উত্তৰ পূৰ্বাঞ্চলৰ বহু আগশাৰীৰ প্ৰতিযোগীৰ মাজত শীলে পঞ্চম স্থান দখল কৰে।

Advertisment

তেওঁৰ এই সফলতাৰ বাবে পদক লাভ কৰাৰ লগতে উচ্চ মানৰ কৰ্মৰ বাবে বিচাৰকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয়। উল্লেখ্য যে, সঞ্জয়ে বিভিন্ন উৎসৱ পাৰ্বনৰ ফটো তোলা আৰু ভিডিঅগ্ৰাফীৰে চিলাপথাৰ নগৰত এখন ফটোগ্ৰাফীৰ দোকান চলাই আহিছে।

তেওঁৰ এই প্ৰতিষ্ঠানখনৰ যোগেদি নিজৰ লগতে আন কেবাজনো যুৱকক সংস্থাপন দি সকাহ দিছে। সঞ্জয়ৰ সফলতাত উৎফুল্লিত স্থানীয় ৰাইজে দোকানলৈ গৈ ফুলাম গামোচাৰ সম্বৰ্ধনা জনায়।

Also Read: নৈত গা ধুবলৈ গৈ লামডিঙৰ দুই ছাত্ৰৰ সলিল সমাধি

silapathar photography