
ডিজিটেল সংবাদ, চিলাপথাৰ : জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত মধ্য চিচিটঙানী পঞ্চায়তৰ চবাৰীত এখন জৰাজীৰ্ণ বাঁহৰ দলং ভাঙি গুৰুতৰভাৱে আহত হৈছে কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী। দুৰ্ঘটনাটোত প্ৰায় ২০ গৰাকী ছাত্ৰ-ছাত্ৰী আহত হয় যদিও গুৰুতৰভাৱে আহত ৪ গৰাকী ছাত্ৰ-ছাত্ৰীক তাৎক্ষণিকভাৱে চিলাপথাৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷
জানিব পৰামতে অঞ্চলটোৰ মাজেৰে বৈ যোৱা টঙানি নৈৰ ওপৰত এখন উপযুক্ত পকী দলঙ নথকাৰ বাবে ৰাইজে নিজৰ গাঁথিৰ ধন ভাঙি বাঁহৰ দলং নিৰ্মাণ কৰি যাতায়ত চলাই আহিছে । সম্প্ৰতি জৰাজীৰ্ণ হৈ পৰা দলংখনেৰে আজি পুৱাই বিদ্যালয়লৈ অহা কণ কণ ছাত্ৰ-ছাত্ৰীসকল পাৰ হোৱাৰ সময়তে হঠাৎ জৰাজীৰ্ণ দলংখন ভাঙি পৰাত কেইবাগৰাকী স্কুলীয়া ছাত্ৰ ছাত্ৰী আঘাতপ্ৰাপ্ত হয় ।
উল্লেখ্য যে, ১৯৫০ চনৰ পৰাই গাঁৱখনত এখন পকী দলং নথকাৰ ফলত যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভুগি আহিছে ৰাইজে । চৰকাৰ, প্ৰশাসন, জনপ্ৰতিনিধিৰ চূড়ান্ত অকৰ্মণ্যতাৰ ফলত আজি এই ভয়ংকৰ অঘটন সংঘটিত হোৱা বুলি ৰাইজে অভিযোগ তুলিছে। দ্বিতীয়বাৰ যাতে তেনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰে বাবে চৰকাৰক এই স্থানত এখন পকী দলঙ নিৰ্মাণৰ বাবে ৰাইজে দাবী জনায় ।