বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে হোটেল লিলিত বিৰোধী ঐক্যৰ গুৰুত্বপূৰ্ণ বৈঠক

বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে হোটেল লিলিত বিৰোধী ঐক্যৰ গুৰুত্বপূৰ্ণ বৈঠক

author-image
Asomiya Pratidin
New Update
বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে হোটেল লিলিত বিৰোধী ঐক্যৰ গুৰুত্বপূৰ্ণ বৈঠক

ডিজিটেল ডেস্ক : বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীস্থিত হোটেল লিলিত আৰম্ভ হৈছে বিৰোধী ঐক্যৰ গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকত ভাগ লৈছে ১৩টাকৈ বিৰোধী দলৰ নেতৃবৃন্দই।

Advertisment

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা তথা আন আন শীৰ্ষ নেতৃবৃন্দই এই বৈঠকত উপস্থিত হয়। বৈঠকত সাংসদ অজিত কুমাৰ ভূঞা,ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ,অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ,তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা,বিধায়ক মনোৰঞ্জন তালুকদাৰৰ লগতে অন্য ৰাজনৈতিক দলৰ নেতৃবৃন্দইয়ো অংশগ্ৰহণ কৰিছে।

আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ৰোড মেপ এই বৈঠকতে প্ৰস্তুত কৰিব বুলি জানিব পৰা গৈছে। আনহাতে লোকসভা নিৰ্বাচনৰ আসন ভাগ-বাটোৱাৰাকলৈয়ো হ'ব কেতবোৰ আলোচনা।

এই বৈঠকক লৈ আশাবাদী প্ৰতিটো বিৰোধী দলৰ শীৰ্ষ নেতাৰ। বিজেপিক যিকোনো প্ৰকাৰে পৰাভূত কৰাটোৱেই একমাত্ৰ লক্ষ্য হিচাপে স্থিৰ কৰিছে বিৰোধী ঐক্যই।

Also Read: চৰকাৰৰ বিশেষ নিৰ্দেশনা : দিছপুৰৰ অনুমতি অবিহনে কৰিব নোৱাৰিব দ্বিতীয় বিবাহ

Hotel Lily lurinjyoti gogoi bjp bhupen borah