ডিজিটেল সংবাদ,ধেমাজি : সমগ্ৰ অসমৰ লগতে ধেমাজিতো ১৬ আগষ্টৰ দিনটো ৰাজ্যিক শোক দিৱস হিচাপে পালন কৰে। ২০০৪ চনৰ ১৫ আগষ্টৰ দিনা ধেমাজিত সংঘটিত সেই অভিশপ্ত ঘটনাত ১০ টি শিশুসহ ৩ মহিলাৰ সৈতে ১৩ গৰাকীয়ে বোমা বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল।
উক্ত ঘটনাৰ পিছৰে পৰা চৰকাৰে ১৬ আগষ্টৰ দিনটো ৰাজ্যিক শোক দিৱস হিচাপে পালন কৰি আহিছে ৷ প্ৰত্যেক বছৰৰ দৰে এইবছৰো শুক্ৰবাৰে ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত তথা ধেমাজি মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয়ৰ প্ৰাংগনত ১৩ জন শ্বহীদক স্মৰণ কৰি শোক দিৱস পালন কৰে ৷
কাৰ্য্যসূচীৰ আৰম্ভণিতে শ্বহীদসকলৰ প্ৰতিচ্ছবিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জনাই শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু , জিলা আয়ুক্ত অংকুৰ ভৰালী আৰু জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ৱে। লগতে শ্বহীদ পৰিয়ালৰ সদস্যসকলে প্ৰতিমূৰ্ত্তিৰ সন্মুখত পুষ্পাঞ্জলিৰে শ্ৰদ্ধা জনায় ।
ইয়াৰ পিছেতেই সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত হয় ৷ অনুষ্ঠানস্থলীত সকলোৱে ক’লা বেজ পৰিধান কৰি শোক দিৱস পালন কৰে ৷ অনুষ্ঠানত জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে বোমা বিস্ফোৰণত প্ৰাণ আহুতি দিয়া সকলক সুঁৱৰি গভীৰ শোক প্ৰকাশ কৰে। তেঁও দেশৰ অহিংসা আৰু সহনশীল পৰম্পৰাৰ ওপৰত গভীৰভাৱে আস্থা ৰখাৰ লগতে সমগ্ৰ শক্তিৰে সকলো প্ৰকাৰৰ সন্ত্ৰাসবাদ আৰু হিংসাৰ বিৰোধ কৰাৰ বাবে শপত গ্ৰহণ কৰোৱায়।
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে থকা শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে বক্তব্যত ২০০৪ চনৰ বোমা বিস্ফোৰণত নিহত ১৩ গৰাকী শ্বহীদলৈ শ্ৰদ্ধা নিবেদন কৰে ৷ লগতে তেওঁ এনে ঘটনা যাতে অসমত দ্বিতীয়বাৰ বাবে সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সকলো দল , সংগঠন আৰু ৰাইজক এই অপশক্তি সমূহক কেতিয়াও প্ৰশ্ৰয় নিদিয়াৰ আহ্বান জনায়।
শোক দিৱসৰ কাৰ্যসূচীত জিলাখনৰ বিশিষ্ট ব্যক্তিসকলকে ধৰি ৰাইজ আৰু ধেমাজি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰীসকলে অংশগ্ৰহণ কৰে ৷