/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/8506ae94-c339-4d79-81e0-fc71bb4f55ce/SBI_.jpg)
ডিজিটেল সংবাদ,ধেমাজি : ভাৰতীয় ষ্টেট বেংকৰ ধেমাজি শাখাৰ মুখ্যপ্ৰৱন্ধক বৈকুণ্ঠ ফুকনক ধেমাজি শাখাৰ পৰা গুৱাহাটীলৈ বদলি। এই উপলক্ষে বৃহস্পতিবাৰে বিয়লি প্ৰায় ৫.০০ বজাত মুখ্যপ্ৰৱন্ধকগৰাকীৰ কাৰ্য্যালয়ত গৈ ভাৰতীয় ষ্টেট বেংক ধেমাজি শাখাৰ অধীনস্থ সেৱা কেন্দ্ৰৰ কৰ্মীসকলে আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনায় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/8fd4c3b7-aa23-4023-a33e-67a1e104a86f/db4006ec_7530_41bf_aefd_93e6e9836b7d.jpg)
বিগত ২ বছৰ ধৰি বেংকটোৰ ধেমাজি শাখাৰ মুখ্যপ্ৰৱন্ধক হিচাপে দায়িত্বত আছিল ফুকন। ফুকনে সকলো সময়তে বেংকৰ কাম-কাজত নিজৰ দায়িত্ব ও কৰ্তব্য নিয়াৰিকৈ কৰি যোৱা এগৰাকী দক্ষ বেংক বিষয়া বুলি উপস্থিত থকা সেৱা কেন্দ্ৰৰ কৰ্মীসকলে প্ৰশংসা কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/9d12bfd3-75b6-40ed-a62f-1f6a3608f4cc/6e6052ab_1f87_4150_8316_2655b68ef17c.jpg)
বিগত দিনত মুখ্যপ্ৰৱন্ধকগৰাকীয়ে সেৱা কেন্দ্ৰৰ কৰ্মীসকলৰ কাৰণে কৰা সহযোগিতাৰ কথা সকলোৱে একেমুখে শলাগ লয় ৷ অনুষ্ঠানত মুখ্যপ্ৰৱন্ধক বৈকুণ্ঠ ফুকনে চমুকৈ বক্তব্য ৰাখি নিজৰ অনুভৱ ব্যক্ত কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/8d41c61d-c334-431d-ab58-321c593b87e8/9c2c2cac_3be8_4115_b1e8_bbf0171a4327.jpg)
বিদায় অনুষ্ঠানত ভাৰতীয় ষ্টেট বেংক ধেমাজি শাখাৰ সহকাৰী প্ৰৱন্ধক ৰুনুমী গগৈ,গাণনিক বলবীৰ সিঙকে ধৰি সেৱা কেন্দ্ৰৰ কৰ্মীসকলে উপস্থিত থাকে ৷ অনুষ্ঠানত সেৱা কেন্দ্ৰৰ কৰ্মীসকলে ফুকনক সম্বৰ্ধনাপত্ৰৰ লগতে জাপি ,শৰাই আৰু ফুলাম গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰি আনুষ্ঠানিকভাৱে শাখাটিৰ পৰা বিদায় দি অনাগত দিনৰ বাবে শুভেচ্ছা জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/d9a0c71d-6ab9-4e4e-af6f-c0d816101e50/bd6e45bb_e7b4_4494_9e3b_49bdd8da27c6.jpg)
Also Read: হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ উৎকৰ্ষতা কেন্দ্ৰ উদ্বোধন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ