/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/8e288527-65c2-4b00-919d-f16364552f0b/pijush_hazarika_11.jpg)
তিতিবাৰৰ তিনি অভিভাৱকহীন শিশুৰ কাষত থিয় দিলে মন্ত্ৰী পীযুষ হাজৰীকা
ডিজিটেল ডেস্কঃ মন্ত্ৰী পীযুষ হাজৰীকাৰ মহানুভৱতা। পিতৃ-মাতৃহীন তিনিটাকৈ কণমানিৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই তিনিওৰে নামত বেংক একাউণ্ট খুলি এক মোটা অংকৰ ধন ফিক্সড ডিপোজিট কৰাৰ ব্যৱস্থা কৰাৰ লগতে প্ৰতিমাহে সেই ফিক্সড ডিপোজিটৰ ধনৰ সুতৰ ধন লাভ কৰাৰ ব্যৱস্থাও কৰি দিয়ে।
উল্লেখ্য যে, মন্ত্ৰী পীযুষ হাজৰীকাই বিগত নিৰ্বাচনৰ প্ৰচাৰৰ বাবে যোৰহাটত থকাৰ সময়তে তিতাবৰৰ এটা পৰিয়ালৰ দুখ জনক ঘটনাৰ খবৰ পাইছিল। ইতিমধ্যেই মাতৃহীনা তিনিটা কণমানিৰ পিতৃৰ অকাল মৃত্যুৰ খবৰ পাই মন্ত্ৰীগৰাকীয়ে কণমানিকেইটাৰ কাষত থিয় হৈছিল আৰু তাৎক্ষণিকভাৱে কিছু আৰ্থিক সাহাৰ্য প্ৰদান কৰিছিল ।
কিন্তু কণমানিকেইটিৰ চকুলো মন্ত্ৰী হাজৰীকাই পাহৰিব পৰা নাছিল । নিৰ্বাচনৰ প্ৰচাৰৰ পাছত গুৱাহাটীলৈ ঘূৰি আহিয়েই মন্ত্ৰী পীযুষ হাজৰীকাই কণমানিকেইটিৰ ভৱিষ্যতৰ কথা চিন্তা কৰি বেংকত তেওঁলোকৰ একাউণ্টত ৭ লাখ টকা ১৫ বছৰলৈ ফিক্সড ডিপ'জিত কৰাৰ ব্যৱস্থা কৰিছে ।
শিশুকেইটিৰ বেংক একাউণ্ট নাছিল যদিও মন্ত্ৰীগৰাকীয়ে জিলা উপায়ুক্তৰ জড়িয়তে একাউণ্ট খুলি টকা জমা কৰাৰ ব্যৱস্থা কৰে। মন্ত্ৰীগৰাকীয়ে ফিক্সড ডিপ'জিত কৰা ধনৰ সুত হিচাপে কণমানিকেইটাই প্ৰতিমাহে নিজৰ একাউণ্টত প্ৰায় ৩ হাজাৰ টকা লাভ কৰিব আৰু ১৫ বছৰৰ পাছত জমাধনখিনি লাভ কৰিব।
Also Read: ইচ্ছাকৃতভাৱে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত বিকৃতকৰণঃ হোজাইৰ মহিলাৰ বিৰুদ্ধে গোচৰ ৰুজু...