/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-27/js0we8k6/252.jpg)
ডিজিটেল সংবাদ,চিলাপথাৰ : মঙলবাৰৰ পৰা চিচিবৰগাঁও বিধানসভা সমষ্টিৰ ৫টা ঠাইত আৰম্ভ হৈছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পোনপটীয়া নিযুক্তি সাক্ষাৎকাৰৰ পাঠ্যক্ৰম। নন্দীগিৰি ভূঞা সমাজ কল্যাণ সমিতিৰ উদ্যোগত ক্ৰমে চিলাপথাৰ বিজ্ঞান কলেজ, চিচিবৰগাঁও কলেজ, মাচখোৱা ডিগ্ৰী কলেজ, বৰদলনি লিটল গড মডেল স্কুল আৰু মৰিধল কলেজত অনুষ্ঠিত হৈছে দহ দিনীয়া প্ৰশিক্ষণ কাৰ্য্যসূচী।
পোনতে চিলাপথাৰৰ বিজ্ঞান কলেজত আৰম্ভ হোৱা প্ৰশিক্ষণ কাৰ্যসূচীৰ উদ্বোধন কৰে চিলাপথাৰ বিজ্ঞান কলেজৰ অধ্যক্ষ ড: ৰঞ্জিত শইকীয়াই। তেঁও প্ৰশিক্ষাৰ্থীসকলক কঠোৰ পৰিশ্ৰমী হৈ কাংখিত লক্ষ্যত উপনীত হ'বলৈ আহ্বান জনাই উদগনিমূলক ভাষণ প্ৰদান কৰি সকলোকে প্ৰাৎসাহিত কৰে।
ড০ পাৰ্থনাথ দত্তই আঁত ধৰা অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ নিযুক্ত অসামৰিক বিষয়া তথা চিলাপথাৰ বিজ্ঞান কলেজৰে প্ৰাক্তন ছাত্ৰ অৰুনাভ বৰঠাকুৰ। অনুষ্ঠানত উপস্থিত নন্দীগিৰি ভূঞা সমাজ কল্যাণ সমিতিৰ সভাপতি দিগন্ত ভূঞাই প্ৰশিক্ষাৰ্থীসকলক উদ্দেশি যুগৰ সৈতে ফেৰ মাৰি আগুৱাই যাব জানিলে সফলতা নিশ্চিত বুলি মন্তব্য কৰি গোটে ৰূপায়ন কৰা বিভিন্ন উন্নয়নমূলক কাম-কাজৰ ওপৰত খৰচি মাৰি ভাষণ প্ৰদান কৰে।
অনুষ্ঠানত চিমেন চাপৰি কলেজৰ সহকাৰী অধ্যাপক ড: দেৱজিৎ দাসগুপ্তা, সমাজকৰ্মী হোমেন সোণোৱাল, পূৰ্বাঞ্চল কলেজৰ সহকাৰী অধ্যাপক ড: বিজয় দেৱ আদি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
ইপিনে চিচিবৰগাঁও কলেজতো সমাতিৰ উদ্যোগত আৰম্ভ হয় প্ৰশিক্ষণ পাঠ্যক্ৰম। দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপক নৱ কুমাৰ শইকীয়াই আঁত ধৰা এক গাম্ভীৰ্যপুৰ্ণ অনুষ্ঠানৰ উদ্বোধন কৰে অধ্যক্ষ থানুৰাম ভূঞাই। অনুষ্ঠানত অনুৰাগ শইকীয়া সমল ব্যক্তি হিচাপে ভাগ লোৱাৰ বিপৰীতে ড: দেৱজিৎ দাসগুপ্তা, ড: বিজয় দেৱ, সমাজ কৰ্মী ৰত্ন প্ৰসাদ ভূঞা, হোমেন সোণোৱাল, ৰন্টো দে 'ৰ লগতে বহু শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। ।
সেইদৰে বৰদলনি লিটল গড মডেল স্কুলত আৰম্ভ হোৱা প্ৰশিক্ষণ অনুষ্ঠানৰ উদ্বোধন কৰে আৰক্ষী বিষয়া বসন্ত শইকীয়াই। একেদৰে মৰিধল কলেজতো আৰম্ভ হয় চাকৰি প্ৰাৰ্থীৰ প্ৰশিক্ষণ। অধ্যাপক প্ৰদীপ গগৈয়ে আঁত ধৰা অনুষ্ঠানত প্ৰশিক্ষণ শিবিৰ উদ্বোধন কৰে অধ্যক্ষ ড: দ্বীপেন শইকীয়াই।
দৰ্পণ বুঢ়াগোহাঁই সমল ব্যক্তি হিচাপে উপস্থিত থকা অনুষ্ঠানত শতাধিক প্ৰশিক্ষাৰ্থী ভাগ লয়। লক্ষণীয় যে, বিশিষ্ট সমাজকৰ্মী তথা ব্যৱসায়ী নন্দীগিৰি ভূঞাই প্ৰতিষ্ঠা কৰা নন্দীগিৰি ভূঞা সমাজ কল্যাণ সমিতিৰ উদ্যোগত আয়োজিত শিবিৰত ভাগ লোৱা প্ৰতিজন প্ৰশিক্ষাৰ্থীক গোটৰ তৰফৰ পৰা একোটিকৈ কলম আৰু এখন বহী প্ৰদান কৰা হয়। সাম্প্ৰতিক সময়ৰ পৰিবেশৰ সৈতে সম্পৰ্ক ৰাখি অনুষ্ঠিত কৰা এনেধৰণৰ প্ৰশিক্ষণে চাকৰি প্ৰত্যাশীসকলক উপকৃত আৰু উৎসাহিত কৰিব বুলি ৰাইজে শলাগ লৈছে।
Also Read: সৰুপথাৰ বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যালয়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us